গুৱাহাটী– সেমেকা শীতত গ্ৰন্থৰ উমেৰে উমাল গধূলি। গ্ৰন্থৰ বিপনীত, গ্ৰন্থমেলাৰ বাকৰিৰ চাহ-কফি ষ্টলত চাহত চুমুক দি আড্ডা মৰা ডেকা-গাভৰুৰ হাঁহিৰ খলকনিৰে আকৌ জীপাল হব চান্দমাৰীৰ গধূলি। শীতৰ আগমনৰ লগে লগে অসমৰ চাৰিওঁদিশে আৰম্ভ হয় গ্ৰন্থমেলা। গ্রন্থমেলা মানেই গ্রন্থৰ উৎসৱ ৷ কিতাপ ভাল পোৱা এচামৰ লগত পুনৰ মিলনৰ সুব্যৱস্থা।
অহা ৩০ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব ৩৩ সংখ্যক গুৱাহাটী গ্রন্থমেলা। ইতিমধ্য়ে সাজু হৈছে গ্ৰন্থমেলাৰ বিপণীসমূহ।
ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম প্ৰকাশন পৰিষদে। এই গ্ৰন্থমেলাৰ উদ্ধোধন কৰিব অসমৰ মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
১১৭খন বিপনীয়ে অংশ লব গ্ৰন্থমেলাত। অসমৰ লগতে নতুন দিল্লী, কলকাতাৰ প্ৰকাশন গোষ্ঠীয়েও অংশ ল’ব এই গ্ৰন্থমেলাত।

উদ্বোধনী সভাত ৰাজ্য চৰকাৰৰ বিত্ত, শিক্ষা তথা অসম প্ৰকাশন পৰিষদৰ অধ্য়ক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মাই সভাপতিৰূপে অংশগ্ৰহণ কৰিব। লগতে সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব পশ্চিমবংগ নিবাসী ভাৰতবৰ্ষৰ বিশিষ্ট লেখক চিন্তাবিদ তথা ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়ে। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু অৰুণাচল প্ৰদেশৰ নিবাসী অসমীয়া ভাষা-সাহিত্যৰ অন্যতম মহীৰূহ য়েছে দৰজে ঠংচিয়ে।
এইবেলি প্রকাশন পৰিষদে প্রকাশ কৰি উলিওৱা এনে ১০খন বিশেষ গ্ৰন্থ গুৱাহাটী গ্ৰন্থমেলাত উন্মোচন কৰা হ’ব। গুৱাহাটী গ্ৰন্থমেলাত মেলাত এলানি বিশেষ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব দান কৰা হৈছে। ইয়াৰ ভিতৰত আছে অহা ২ জানুৱাৰীত অনুষ্ঠিত ‘উন্মীলন’ শীৰ্ষক যুৱ লেখকৰ সাহিত্যানুষ্ঠন।
৫ জানুৱাৰীত অনুষ্ঠিত কৰা হ’ব ‘অসমীয়া ভাষা বৈভৱ’ শীৰ্ষক গোলোক চন্দ্ৰ গোস্বামী সোঁৱৰণী অনুষ্ঠান। ৬ জানুৱাৰীত অনুষ্ঠিত হ’ব ‘সাহিত্য-আলচ’ শীৰ্ষক লেখক-পাঠকৰ আড্ডা। ৭ জানুৱাৰীত অনুষ্ঠিত হ’ব শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰী সোঁৱৰণী অনুষ্ঠান ৷