গুৱাহাটী– নিৰ্বাচনৰ পূৰ্বে কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত। অসমৰ প্ৰতিটো পৰিয়াললৈ ৩০ ইউনিট বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব। সকলো স্তৰৰ লোকে ৩০ ইউনিটকৈ বিনামূলীয়া বিজুলী সংযোগ লাভ কৰিব। প্ৰথম ৩০ ইউনিটৰ কোনো বিল পৰিশোধ কৰিব নালাগে গ্ৰাহকে সকলো লোকে পাব এই সুবিধা।
বিভিন্ন পৌৰসভাৰ ১,৬৫৩ গৰাকী কৰ্মচাৰীৰ সেৱা সুবিধা বৃদ্ধিত অনুমোদন। এতিয়াৰেপৰা তেওঁলোক নগৰ উন্নয়ন বিভাগৰ অধীনত চুক্তিবদ্ধ কৰ্মচাৰীৰূপে বিবেচিত হ’ব |
গুৱাহাটী প্ৰেছ ক্লাব, কৰুণাধাৰা, জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ আৰু অসম অনুসূচীত জাতি চাফাই কৰ্মচাৰী পৰিষদকে ধৰি বিভিন্ন বেচৰকাৰী সংস্থা আৰু সংগঠনলৈ ভূমিৰ আবণ্টনত অনুমোদন চৰকাৰৰ। গুৱাহাটী প্ৰেছ ক্লাবলৈ ৩ কঠা ভূমি আবণ্টনৰ সিদ্ধান্ত কেবিনেটত। ডিব্ৰুগড়ত নতুনকৈ শংকৰদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত অসম চৰকাৰৰ।
ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগক লোক নিৰ্মাণ বিভাগ হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ। ৰাজ্যৰ বাবে শক্তি সংৰক্ষণৰ নীতি-নিয়মত স্বীকৃতি প্ৰদান। সকলো বাণিজ্যিক ভৱনে এই নীতি-নিয়মসমূহ পালন কৰিব লাগিব।
ছাইবাৰ চিকিউৰিটী পলিচী নিৰ্ধাৰণ কৰা হৈছে। অলিম্পিক, এছিয়ান গেমছ্, কমনৱেলথ্ গেমছ্ (প্ৰথম শ্ৰেণী) আৰু ছিনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ (দ্বিতীয় শ্ৰেণী)ত পদক বিজয়ীক বিষয়া হিচাপে নিযুক্তি প্ৰদানৰ বাবে Integrated Sports Policyৰ সংশোধনত অনুমোদন। হিমা দাসক উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হ’ব
বড়োলেণ্ড আৰু ষষ্ঠ অনুসূচীৰ এলেকাত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনত অনুমোদন। পাৰ্বত্য অঞ্চল বিভাগক অসম ষষ্ঠ অনুসূচী পৰিষদ বিভাগ হিচাপে নতুনকৈ নামকৰণ কৰাৰ সিদ্ধান্ত। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন, কৃষি, মীন, পশুপালন আৰু পশু চিকিৎসা, পাৰ্চনেল- এই ৬টা বিভাগক লৈ বৰাক উপত্যকাৰ শিলচৰত মিনি সচিবালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ।