গুৱাহাটী – ৰাজ্যবাসীলৈ পুনৰ এক ভাল খবৰ। ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লেখানুদান বাজেটত ৰাজ্যবাসীক ৩০ ইউনিট বিজুলী বিনামূলীয়ালৈ দিয়াৰ ঘোষণা কৰাৰ পিছতে এইবাৰ হ্ৰাস হ’ব বিজুলীৰ মাচুল। প্ৰতি ইউনিটত ১৫ ৰ পৰা ২০ পইচা হ্ৰাস হ’ব বিজুলীৰ মাচুল।
অসম ৰাজ্যিক নিয়ামক আয়োগে বিজুলীৰ মাচুল হ্ৰাস কৰাৰ কথা সদৰী কৰিছে। প্ৰতি ইউনিটত ১৫ ৰ পৰা ২০ পইচা বিজুলীৰ মাচুল হ্ৰাস কৰা হব বুলি সদৰী কৰিছে অসম ৰাজ্যিক নিয়ামক আয়োগে। এপ্ৰিল মাহৰৰ পৰা হ্ৰাস কৰা হ’ব বিজুলীৰ মাচুল। অসম ৰাজ্যিক নিয়ামক আয়োগে সদৰী কৰা মতে অহা ১ এপ্ৰিলৰ পৰা ঘৰুৱা আৰু বাণিজ্যিক বিজুলী মাচুল ২০ পইচা হ্ৰাস কৰাৰ পৰিবৰ্তে আন গ্ৰাহকৰ ক্ষেত্ৰত হ্ৰাস কৰা হ’ব ১৫ পইচা।
অসম চৰকাৰে লেখানুদান বাজেটত ৩০ ইউনিট বিজুলী বিনামূলীয়ালৈ কৰাৰ পিছতে বিজুলীৰ মাচুল হ্ৰাসৰ সিদ্ধান্তক আদৰণি জনাইছে ফাইনাৰে। অসম বিদ্যুৎ ৰেগুলেটাৰী কমিশ্যনৰ অধ্যক্ষ সঞ্জয় কৃষ্ণই নিজৰ টুইটাৰ যোগে বিজুলী মাচুল হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে।