প্ৰাগ চিনে এৱাৰ্ডছ ২০২১

গুৱাহাটী:- উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ‘চিনে এৱাৰ্ড অনুষ্ঠান ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ এইবাৰৰ অনুষ্ঠান হ’ব ইউনিভাৰ্চিটী অব ছায়েন্স এণ্ড টেকন’লজী, মেঘালয় (ইউএছটিএম)ৰ প্ৰেক্ষাগৃহত। ৩০ জানুৱাৰীত এই আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।বৃহস্পতিবাৰে এখন সংবাদ মেলযোগে এই কথা প্ৰকাশ কৰে ‘প্ৰাগ নিউজ’ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক তথা ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ মুখ্য পৃষ্ঠপোষক ডঃ সঞ্জীৱ নাৰায়ণে। এইবাৰ এই এৱাৰ্ড অনুষ্ঠানে ভৰি দিছে বিংশতিতম বৰ্ষত।

এইবাৰৰ ‘প্ৰাগ চিনে এৱাৰ্ডছ’ত অন্তৰ্ভুক্ত কৰা হৈছে সমগ্ৰ উত্তৰ-পূবৰ নিৰ্বাচিত ছবিসমূহক। ‘প্ৰাগ চিনে এৱাৰ্ডছ-২০২১’ত সমগ্ৰ উত্তৰ-পূবৰ ৩৩খন ছবিৰ মাজৰপৰা অসমীয়া আৰু অন্যান্য ভাষাৰ চলচ্চিত্ৰ শিতানত বিভিন্ন শাখাত শ্ৰেষ্ঠত্বৰ স্বীকৃতি প্ৰদান কৰা হ’ব। শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাই সামৰি ল’ব উত্তৰ-পূবৰ চলচ্চিত্ৰক। ‘প্ৰাগ চিনে এৱাৰ্ডছ-২০২১’ত জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ’ব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মণিপুৰৰ চলচ্চিত্ৰ নিৰ্মাতা আৰিবাম শ্যাম শৰ্মালৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply