গুৱাহাটী – কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি ৩১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আনল’ক ৫.০। এইবাৰৰ আনলকতো পূৰ্বৰ দৰে আন্তৰ্জাতিক বিমান পৰিবহন, খেলুৱৈৰ প্ৰশিক্ষণৰ বাবে চুইমিং পুল, ব্যৱসায়ৰ বাবে প্ৰদৰ্শনী, ৫০% দৰ্শকেৰে চিনেমা হল, প্ৰেক্ষাগৃহ আদি খোলা ৰাখিব পাৰিব।
আনহাতে বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানত মানুহৰ উপস্থিতিৰ সংখ্যা ২০০ জনকে বাহাল ৰখা হৈছে। ইয়াৰ উপৰি আনল’ক ৫ৰ অন্য গুৰুত্বপূৰ্ণ নিয়ম সমূহ হ’ল-
১) কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ কোনো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে স্থানীয়ভাৱে লকডাউন ঘোষণা কৰিব নোৱাৰিব।
২) আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহৰ বাবে কৰিব পাৰিব। সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে সামাজিক তথা শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।