ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ্ চেম্পিয়নশ্বিপ

নিউজ ডেস্ক: গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হৈছে ৩৬সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ্ চেম্পিয়নশ্বিপ | প্ৰতিযোগিতা খন শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখ্য যে ৬ৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ হ’ব লগা এই প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত অংশ ল’ব দেশৰ ৩২খন ৰাজ্যৰ ১৬২৭গৰাকী খেলুৱৈয়ে। সম্পূৰ্ণ ক’ভিড নিয়ম মানি ১৪, ১৬, ১৮ আৰু ২০ অনুৰ্ধৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ্ চেম্পিয়নশ্বিপৰ বিভিন্ন খেলত ভাগ ল’ব।

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ্ চেম্পিয়নশ্বিপ

উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘খেল’গে ত’ খিল’গে’ মূলমন্ত্ৰৰে খেলুৱৈসকলক দিয়া উৎসাহৰ বাবে শলাগ লয় মুখ্যমন্ত্ৰী সোণোৱালে। ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতক সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত সকলো খেলুৱৈকে অধিক পৰিশ্ৰম কৰাৰো আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে। অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “গুৱাহাটীক ভাৰতৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ় দিয়াৰ আমাৰ যাত্ৰা অব্যাহত আছে | এই ক্ৰীড়া প্ৰতিযোগিতাৰ জৰিয়তে উদীয়মান খেলুৱৈসকলে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি দেশৰ ক্ৰীড়াক্ষেত্ৰক শক্তিশালী কৰিব বুলি আমি আশাবাদী।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply