আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল’ব লুৰিণজ্যোতি গগৈয়ে

গুৱাহাটী – সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক অহা ৩ ডিচেম্বৰত আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় জনোৱা হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত লুৰিণজ্যোতি গগৈক আনুষ্ঠানিক ভাৱে বিদায় জনোৱা হ’ব৷

সোমবাৰে শপত গ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ নৱগঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকে। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত দায়িত্ব আৰু শপত গ্ৰহণ কাৰ্যসূচীত নৱ-নিৰ্বাচিত সভাপতি দীপাংক নাথ,সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা প্ৰমুখ্যে নৱ-নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় বিদায়ী সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে।

উল্লেখ্য যে দুলীয়াজানৰ আছুৰ সপ্তদশ কেন্দ্ৰীয় অধিৱেশনত আছুৰ মজিয়াৰ পৰা অৱসৰৰ ঘোষণা কৰিছিল লুৰিণজ্যোতিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply