সোণতলী – দক্ষিণ কামৰূপৰ সোণতলী আৰু গৰৈমাৰীত চলিল আবকাৰী বিভাগৰ গাঞ্জা বিৰোধী অভিযান৷ গৰৈমাৰীৰ হাহচৰী আৰু সোণতলীৰ ছমৰীয়া পামত চলিল গাঞ্জা বিৰোধী অভিযান। ৪০ লক্ষাধিক টকাৰ গাঞ্জা গছ কাটি ধবংস কৰিলে আবকাৰী বিভাগে।
কামৰূপ জিলা আবকাৰী বিভাগৰ পৰিদৰ্শক মানস প্ৰতিম শৰ্মা, সহকাৰী পৰিদৰ্শক দিলীপ কলিতা আৰু অসম আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক গিয়াছ উদ্দিন আহমেদৰ লগতে সোণতলী আৰক্ষীৰ সহযোগত মঙলাবাৰে বিয়লি ২ বজাৰ পৰা ৪ বজালৈ চলিল গাঞ্জাৰ বিৰোধী অভিযান। অভিযান কালত পোন্ধৰটা বাসগৃহৰ পৰা মুঠ ১৬০ জোপা গাঞ্জা গছ কাটি ধ্বংস কৰে আবকাৰী বিভাগে৷
উল্লেখ্য যে, যোৱা ৩১ ডিচেম্বৰ তাৰিখে তিনিজন গাঞ্জা খেতিয়কৰ লগতে গাঞ্জা ব্যৱসায়ী আমজাদ আলী, আফজাল আলী, সকুমুদ্দিনে এজন স্কুলীয়া ছাত্ৰক হত্যাৰ চেষ্টা চলাইছিল৷ ছাত্ৰজন বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত উক্ত লোক কেইজনে বলপূৰ্বকভাৱে ছাত্ৰজনক টানি নি ঘৰত কাঠৰ খুটাত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল৷
উক্ত ঘটনাৰ পিছতে অঞ্চলটোত চলি থকা গাঞ্জা, মদ, ড্ৰাগছ ব্যৱসায় আৰু বিভিন্ন অসামাজিক কামৰ বিৰুদ্ধে বিগত কেইবাদিন ধৰি ধাৰাবাহিকভাৱে বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হৈছিল। সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱতে আবকাৰী বিভাগৰ শীৰ্ষ বিষয়াই অভিযান চলায়।
অভিযানত ৪০ লক্ষাধিক টকাৰ গাঞ্জা গছ ধবংস কৰে বুলি অভিযানকাৰী পৰিদৰ্শক মানৱ প্ৰতিম শৰ্মাই উল্লেখ কৰে। আবকাৰী বিভাগৰ পৰিদৰ্শক মানৱ প্ৰতিম শৰ্মাই লগতে কয় যে আগন্তুক দিনতো এনে অভিযান চলি থাকিব।