নিউজ ডেস্ক: আজি সদনত ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৯-২০ বৰ্ষত খাৰুৱা তেলৰ বকেয়া ৰয়েল্টী ৭,৭৫৬ কোটি টকা । ৰাজ্যৰ ৰাজহৰ পৰিমান ১৬,৫২৯ কোটি টকালৈ বৃদ্ধি ।
২০২১-২২ কেন্দ্ৰীয় কৰৰ ২০,৬০১ কোটি টকা অনুমোদন । ৰাজ্যৰ জনমুৰী আয় ৯০ হাজাৰ ৬৯২ কোটি টকালৈ বৃদ্ধি । ১০.৭২ শতাংশ দেশৰ বিকাশৰ হাৰ । ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭১ শতাংশ । ৰাজ্যৰ নিজা ৰাজহৰ পৰিমান বৃদ্ধি । অসম মালাৰ অধীনত নিৰ্মান হ’ব ৮৯০ কিমি পথ । চাহ বাগিছাত ৮৯৬ কিমি পথ নিৰ্মান ।
সদনত বাজেট পাঠ কৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অৰুণোদয় আঁচনিৰ ৮৩০টকাৰ পৰিবৰ্তে এতিয়া পাব ৩০০০টকা পাব। অৰুন্ধতি স্বৰ্ণ আঁচনিৰে ১৮১৫ কন্যা লাভন্বিত হৈছে। ১৬-১৭ ত অসমে কেন্দ্ৰ পৰা লাভ কৰে ১০,৪৪৪.০৭ কোটি টকাৰ পৰিবৰ্তে ২০১৯-২০ ত এয়া বৃদ্ধি হয়গৈ ১৬,১০১.৫৪ কোটি টকালৈ।
বৰ্তমান ৰাজ্যিক ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭১ শতাংশ । কেন্দ্ৰৰ পূঁজিৰে ১৬ শতাংশ জি এচ টি লাভ কৰিছে অসমে । অসমে ১৬,৫২৯ কোটি টকা ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ শোচনীয় আৰ্থিক অৱস্থা বৰ্তমান সুস্থিৰ হৈ পৰিছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে ।