ৰক্তাক্ত ডিফু সন্দেহযুক্ত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত মহিলাসহ নিহত দুজন

ডিফু- ৰক্তাক্ত ডিফু। খাৰনাইডিছাত সন্দেহযুক্ত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত মহিলাসহ নিহত দুজন। বিছুডিমাৰ নৃত্য-গীত চলি থকাৰ সময়তে বন্দুকধাৰী দলৰ নিৰ্বিচাৰ গুলীচালনা। প্ৰাক্তন ডি এইচ ডি নেতা অমিত নুনিছাক নিশা গুলীয়াই হত্যা ।নেতাগৰাকীৰ লগতে দুৰ্বৃত্তৰ গুলীত নিহত এলটা মাইবংছা নামৰ এগৰাকী বৃদ্ধা মহিলা, আহত আশিষ ফংলছা নামৰ এগৰাকী যুৱক

কাৰ্বি আংলঙৰ ধনশিৰিত অঘটন। প্ৰাক্তন ডি এইচ ডি নেতা অমিত নুনিছাক নিশা গুলীয়াই হত্যা কৰা হৈছে। ‘বিছু ডিমা’ উৎসৱ চলি থকা মাজতে সংঘটিত হৈছে এই ঘটনা। উৎসৱত অংশগ্ৰহণ কৰাৰ সময়তে ঘন অৰণ্যৰ পৰা গুলীৰে আক্ৰমণ নুনিছাক। যোৱা নিশা প্ৰায় ১২বজাত ধনশিৰিৰ শিৱ নগৰ খাৰনাইদিছা গাঁৱত সংঘটিত হয় এই ঘটনা।

ৰক্তাক্ত ডিফু সন্দেহযুক্ত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত মহিলাসহ নিহত দুজন

এই আক্ৰমণত ঘটনাস্থলীতে মৃত্যু মুখত পৰে প্ৰাক্তন ডি এইচ ডি নেতাগৰাকী। নেতাগৰাকীৰ লগতে দুৰ্বৃত্তৰ গুলীত নিহত হয় এলটা মাইবংছা নামৰ এগৰাকী বৃদ্ধা মহিলা আৰু আহত হয় আশিষ ফংলছা নামৰ আন এগৰাকী যুৱক।

গাঁৱৰ ৰাইজে বিছু ডিমাৰ আনন্দ কৰি থকাৰ সময়তে গুলীচালনা কৰে অচিনাক্ত দুৰ্বৃত্তই।গুলিচালনাৰ লগে লগে মাটিত ঢলি পৰে আৰু থিতাতে নিহত হয় প্ৰাক্তন বিদ্ৰোহী নেতাজনৰ লগতে মহিলা গৰাকী। এই ঘটনাক সংঘটিত হোৱাৰ পাছতেই ডিমাছা ছাত্ৰ সন্থাই এই ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে দোষীক উচিত শাস্তিৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply