ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটী– অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উদ্য়োগত ’প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অধীনত কামৰূপ জিলাৰ আমিনগাৱঁৰ নুমলী জালাহ পেৰেড গ্ৰাউণ্ডত দেওঁবাৰে ২০২০ বৰ্ষৰ ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত অনুস্থিত হয়। এই অনুষ্ঠানত ৫ গৰাকী ছাত্ৰীৰ হাতত দুচকীয়া বাহনৰ প্ৰতীকী ছাবি প্ৰদান কৰি আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই অনুষ্ঠানত ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্য়মিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ছাত্ৰীসকলক আনুষ্ঠানিক ভাৱে স্কুটাৰ প্ৰদান কৰাৰ পাছত পৰৱৰ্তী পৰ্যায়ত অহা ২ আৰু ৩জানুৱাৰীত ৰাজ্য়খনৰ অন্য়ান্য় জিলাৰ ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰা হ’ব বুলি মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে। এই আঁচনিৰ জৰিয়তে চলিত বৰ্ষত ২২,০৩৪ গৰাকী ছাত্ৰীলৈ পে’ট্ৰলচালিত স্কুটাৰ, ২১১ গৰাকী ছাত্ৰীলৈ প্ৰদান কৰিব বিদ্য়ুতচালিত স্কুটাৰ । ইয়াৰ বাবদ চৰকাৰৰ সৰ্বমুঠ ব্য়য় হ’ব ১৪৪.৩০ কোটি টকা।

ড° বাণীকান্ত কাকতি মেধা বঁটাৰ বাবে নির্বাচিত ৰাজ্যখনৰ প্ৰতিগৰাকী মেধাবী ছাত্রী আৰু তেওঁলােকৰ অভিভাৱকসকললৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে ‘ছাত্রীসকলৰ মেধাৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰে প্ৰদান কৰা এই ৰঙা ৰঙৰ স্কুটাৰ সমুহে অসমৰ গাঁৱে-ভূঞে তেওঁলােকৰ সফলতাৰ বতৰা কঢ়িয়াই লৈ যাব। ৰাজ্যৰ বহু ছাত্ৰীৰ জীৱনলৈ এই আঁচনিয়ে পৰিবৰ্তন আনিব, তেওঁলােকৰ মনত নতুন আত্মবিশ্বাসৰ জন্ম দিব। বর্তমান তলৰ শ্ৰেণীত পঢ়ি থকা ছাত্রীসকলকো এই আঁচনিয়ে উদ্ধোধন কৰিব আৰু অধ্যয়নত গভীৰভাৱে মনােনিৱেশ কৰাৰ বাবে প্ৰেৰণা যােগাব।’

অনুষ্ঠানত অংশগ্ৰহণ কৰা একাংশ ছাত্ৰী

ছাত্ৰীসকলক উদ্দেশ্যি ‘ইউ কেন বিন, ইউ কেন ৱিন, ইউ কেন বিন’ – “তােমালােকে পাৰিবাই’ বুলি দৃঢ়তাৰে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘এই পৃথিৱীত চেষ্টাৰ অসাধ্য একো নাই। প্রয়ােজন মাথোঁ কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু মনােবল।’

একবিংশ শতিকাক মহিলাৰ শতিকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আজি মহিলা সমাজ কোনাে দিশতে পিছপৰি থকা নাই। সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্রতে মহিলাসকল আজি পুৰুষৰ সমানে সমানে আগবাঢ়িছে। সেনাবাহিনীৰ তিনিওটা শাখাতে মহিলাৰ ব্যাপক যােগদানে এই কথাই স্পষ্ট ৰূপত প্রতীয়মান কৰিছে বুলি তেওঁ কয়।

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নাৰীৰ মর্যাদা আৰু স্বাভিমান ৰক্ষাৰ বাবে সম্ভৱপৰ সকলাে পদক্ষেপ গ্রহণ কৰি আহিছে। উজ্বলা’ আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি দৰিদ্ৰ মহিলাৰ চকুপানী মচিবলৈ প্ৰয়াস কৰা হৈছে। বেটি বচাও, বেটি পঢ়াও’, ‘জন-ধন যােজনা’ আদি আঁচনিয়ে মহিলাৰ আত্মসন্মান বৃদ্ধি কৰিছে। একেদৰে অসম চৰকাৰেও সৌ সিদিনা হাতত লােৱা ৰাজ্যৰ ইতিহাসৰ সর্ববৃহৎ প্রত্যক্ষ লাভ হস্তান্তৰ আঁচনি ‘অৰুণােদয়’-এ লক্ষ লক্ষ মহিলাৰ মুখত হাঁহি বিৰিঙাই তুলিছে। বিভিন্ন কল্যাণকামী আঁচনিৰে ৰাজ্য চৰকাৰে বিগত বছৰকেইটাত ৰাজ্যখনৰ ৭০ লাখ পৰিয়ালৰ জীৱন স্পর্শ কৰাৰ লগতে নাৰী সমাজেও উপাৰ্জনৰ ক্ষেত্ৰত বহুখিনি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

এই অনুষ্ঠানত দুচকীয়া বাহন লাভ কৰা ছাত্রীসকলক এই বাহনসমূহ লৈ ৰাজপথলৈ ওলাই অহাৰ আগতে বাহনসমূহ চলােৱাৰ ক্ষেত্ৰত দক্ষতা আহৰণ কৰি ল’বলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত আবেদন কৰি চালকৰ অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰি লােৱাৰ লগতে হেলমেট পৰিধান কৰাকে ধৰি যানবাহন আইন কঠোৰভাৱে মানি চলিবলৈ ছাত্রীসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে নিজৰ লগতে পথচাৰীৰ সুৰক্ষাৰ বাবে এই কেইটা দিশত তেওঁলােক সতর্ক হ’বই লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

লগতে মন্ত্ৰীগৰাকীয়ে কয় ‘অসম ৰাজ্যখন সর্বদিশতে আগুৱাই গৈছে। আমাৰ আকাশ চুবৰ মন আছে আৰু এদিন আমি আকাশ চুমেই’। উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্রথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ ১০০০ গৰাকী ছাত্রীক স্কুটাৰ প্রদানেৰে ২০১৭-১৮ বৰ্ষত আনুষ্ঠানিকভাৱে ড” বাণীকান্ত কাকতি বঁটা প্ৰদানৰ শুভাৰম্ভ কৰা হৈছিল। বিভিন্ন কাৰণত ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ ছাত্ৰীসকলে এই বটা লাভ কৰিবলৈ সক্ষম হােৱা নাছিল। কিন্তু অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই দুই বৰ্ষৰ শীর্ষ ৫ হাজাৰ আৰু ১০ হাজাৰ গৰাকী ছাত্রীকো চৰকাৰে স্কুটী প্ৰদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি তেওঁ ঘােষণা কৰে। চলিত বৰ্ষত ২২ হাজাৰৰাে অধিক ছাত্রীলৈ এই বঁটা প্ৰদানকে ধৰি এই চাৰিটা বৰ্ষত ৰাজ্য চৰকাৰে প্রায় ৪০ হাজাৰ গৰাকী ছাত্ৰীলৈ স্কুটাৰ প্রদান কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ সদৰি কৰে।

এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ আইন, গুৱাহাটী উন্নয়ন আদি বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য আৰু শিক্ষা, বিভাগৰ ৰাজ্যিক মন্ত্রী ভৱেশ কলিতা, অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, গুৱাহাটী লােকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিধায়কসকল ক্ৰমে অতুল বৰা, প্রণব কলিতা, সুমন হৰিপ্রিয়া আৰু ৰেকিবুদ্দিন আহমেদ, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক গীতিমণি ফুকন, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কার্তিক, হিৰাে ম’ট’ কৰ্প’ৰ নেশনেল চেল্ছ হেড আশুতােষ বার্মাকে ধৰি শিক্ষা বিভাগ আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল, কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলাৰ বঁটা প্রাপক ছাত্রীসকল আৰু তেওঁলােকৰ অভিভাৱকসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply