ৰঞ্জিত বৰা হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্তক গ্রেপ্তাৰ মহানগৰ আৰক্ষীৰ।
গুৱাহাটীৰ জাপৰিগোগৰ পৰা গ্রেপ্তাৰ হত্যাকাণ্ডত অভিযুক্ত এলবিনক।
হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্রেপ্তাৰ কৰা হৈছে এলবিনক।
লখিমপুৰৰ এটা চাঞ্চল্যকৰ ডকাইতিৰ কাণ্ডতো জড়িত আছিল এলবিন।
২০২২ চনৰ মাৰ্চত এজন লোকৰ পৰা এলবিনে লুটিছিল ১১লাখ টকা।
জানিব পৰা মতে, অল আছাম নেশ্যনেল লিবাৰেচন আৰ্মিৰ সদস্য ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত এলবিন।