পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰৰ এনকাউন্টাৰৰ পিছতেই এইবাৰ মহানগৰ আৰক্ষীৰ জালত পৰিল দলটোৰ আন এজন অন্যতম অভিযুক্ত। ত্যাকাণ্ডত জড়িত লোকজন হৰেণ পাটগিৰি বুলি জানিব পৰা গৈছে।

কেৱল ৰঞ্জিত বৰা হত্যাকাণ্ডই নহয় ৰাজ্যখনৰ কেইবাটাও ডকাইতি কাণ্ডৰ সৈতেও জড়িত আছিল হৰেণ পাটগিৰি। মুকালমুৱাৰ ডকাইতি কাণ্ডৰো অন্যতম অভিযুক্ত হৰেণ পাটগিৰি ।

শনিবাৰে মহানগৰীৰ কাহিলীপাৰাৰ পৰা অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু দিছপুৰ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় হৰেণ পাটগিৰিক। শ্বাহ আলমৰ গেং অৱ চিক্সৰ অন্যতম সদস্য হৰেণ পাটগিৰিক ইতিমধ্যে চমজাই দিয়া হৈছে মুকালমুৱা আৰক্ষীক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply