পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰক সহ ৫ অভিযুক্তক যোৱা ৬ ফেব্ৰুৱাৰীত দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছত সোধা-পোছাৰ বাবে তেওঁক আৰক্ষীৰ জিম্মাত ৰখা হৈছিল।

আজি ৰাতিপুৱা লকআপৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা কৰে শ্বাহ আলমে।

জানিব পৰা মতে,  শ্বাহ আলম তালুকদাৰে এটা শৌচাগাৰৰ মগ ভাঙিছিল আৰু মগৰ ভঙা অংশৰে তেওঁৰ নিজৰ হাত কাটিবলৈ চেষ্টা কৰিছিল।

অৱশ্যে,  তেওঁক আৰক্ষীয়ে ৰক্তক্ষয়ী অৱস্থাত প্ৰত্যক্ষ কৰি চিকিৎসাৰ বাবে ততাতৈয়াকৈ হাস্পতাললৈ  লৈ যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply