বিশ্বনাথ – বিশ্বনাথ চাৰিআলিৰ ৰ’দ গোষ্ঠীৰ উদ্যোগত শনিবাৰে বীণাপাণি নাট্য ভৱনত ‘কবিতাৰ বৰষুণত এদিন’ শীৰ্ষক সদৌ অসম কবি সন্মিলন অনুষ্ঠিত হয়। ৰ’দ গোষ্ঠীৰ সভাপতি ভূধৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসমৰ বিভিন্ন প্ৰান্তৰ বহু ন-পুৰণি কবিয়ে কবিতা পাঠ কৰে।
সন্মিলনৰ উদেশ্য বাখ্যা কৰে ৰ’দ গোষ্ঠীৰ সম্পাদক জয়ন্ত বৰুৱাই। সন্মিলনত বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰানা প্ৰসাদ হাজৰিকা, প্ৰণৱ কুমাৰ বৰ্মন, কমল কুমাৰ তাঁতী, বিপুল শৰ্মা, সবিতা কোঁৱৰ, অনুপ তালুকদাৰ আমন্ত্ৰিত অতিথি হিচাবে বক্ত্যব আগবঢ়াই।
অনুষ্ঠানত সাংবাদিক খগেন মটকে আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত বিশিষ্ট ভাস্কৰ্য্য শিল্পী শিৱ প্ৰসাদ মাৰৰ, বিশিষ্ট সাহিত্যিক বিকাশ জ্যোতি বৰুৱাকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এই অনুষ্ঠানত জয়ন্ত বৰুৱাৰ সম্পাদনাত প্ৰকাশিত কাব্য আলোচনী “ৰ’দ”ৰ জানুৱাৰী মাহৰ সংখ্যাটো উন্মোচন কৰে বিশিষ্ট কবি ডা: মৃদুল গগৈয়ে। অনুষ্ঠানত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাণা বৰুৱাই সভাখন সঞ্চালনা কৰে।