কামপুৰ:- নগাঁও জিলাৰ ৰহা সমষ্টিৰ কচুৱা তিনিআলিত অসম জাতীয় পৰিষদ দলৰ এখন বিশাল গণ সমাবেশ তথা যোগদান সমাৰোহ শণিবাৰে অনুষ্ঠিত হয় । অসম জাতীয় পৰিষদ দলৰ নগাঁও জিলাৰ তত্বাৱধায়ক চমচেৰ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সমাৰোহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অংশগ্ৰহন কৰে । সভাত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, জনপ্ৰিয় অভিনেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শনীকে ধৰি দলৰ অন্য বিষয়ববীয়া সকল উপস্থিত আছিল।

উক্ত সমাৰোহত ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত যুৱ উদ্যোগী, যুৱ সমাজকৰ্মী তথা যুৱ লেখক উৎপল বনিয়াকে আদি কৰি বহুকেইজন স্থানীয় গণ্য-মান্য ব্যক্তিৰ লগতে অগপ, কংগ্ৰেছ এ আই ইউ এফৰ কেইবাগৰাকীও নেতাই যোগদান কৰে।