কামপুৰ: ৰহা সমষ্টিটোত মিত্ৰজোঁটৰ তৰফৰ পৰা এইবাৰ অগপক আসনখন দিয়াৰ কুচ-কাৱাজ চলি থকাৰ সময়তে অগপই আৰম্ভ কৰিছে নিৰ্বাচনী ৰণ কৌশল। গৰুবাট মৌজাৰ লুটুমাৰীত অনুষ্ঠিত হোৱা অগপৰ এখন কৰ্মী সভাত অংশ লৈ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক মনোজ শইকীয়াৰ হুংকাৰ “মিত্ৰতাৰ অৰ্থ আত্মসমৰ্পণ নহয়, মিত্ৰতাৰ অৰ্থ কাৰো বহতীয়া বা তলতীয়া নহয়” ।
অসম গণ পৰিষদৰ নগাঁও জিলাৰ সভাপতি অতুল মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মনোজ শইকীয়াই কয়, আমি অকল মিত্ৰতা হে কৰিছোঁ তেওঁলোকৰ তলত থকা নাই। আৰু সেয়েহে এইবাৰ ৰহা সমষ্টিত অগপৰ প্ৰাৰ্থীয়ে প্ৰাথীত্ব লাভ কৰাটো নিশ্চিত। সেয়েহে ৰহা সমষ্টিৰ অগপ দলৰ ভাবী প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ টিকট বিচাৰিব অগপ নেতৃত্বই । মিত্ৰজোঁট হ’লেও ৰহা সমষ্টি বিজেপি য়ে এৰি দিয়ে নে নাই সেইয়াহে পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব।