নগাঁও – নগাঁও চহৰৰ টেলিয়াগাঁৱত চি চি টিভি ধৰা পৰিল চোৰ। ৰাইজে কাণত ধৰি আঁঠু কঢ়ালে গভাইত চোৰক। বৰ্তমান গভাইত চোৰ ৰঙা ঘৰৰ আলহী।
নগাঁৱত সঘনাই বৃদ্ধি পাইছে চুৰিৰ ঘটনা। চোৰৰ উপদ্ৰৱত এতিয়া অতিষ্ঠ হৈ পৰিছে নগাঁৱৰ বাসিন্দা। শুক্ৰবাৰে পুৱতি নিশা চুৰি কৰিবলৈ আহি হাতে লুটে ধৰা পৰিল এটা গভাইত চোৰ। পুৱতি নিশা নগাঁও চহৰৰ টেলিয়াগাঁৱৰ থানেশ্বৰ বৰা নামৰ এজন লোকৰ ঘৰত চুৰি কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল দীপক দাস নামৰ এটা গভাইত চোৰ।
চোৰ ঘৰত প্ৰৱেশ কৰাৰ দৃশ্য গৃহস্থই চিচি টিভিত প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত স্থানীয় লোকৰ তৎপৰতাত গৃহস্থই আটক কৰিবলৈ সক্ষম হয় চোৰটোক। স্থানীয় লোকে ধৃত চোৰটোক কাণত ধৰাই আঁঠু কঢ়ায় পিছত গতাই দিয়ে নগাঁও আৰক্ষীক।
উল্লেখ্য যে বিগত কিছুদিন ধৰি নগাঁও জিলাৰ বিভিন্ন অঞ্চলত চোৰৰ উপদ্ৰব ব্যাপক হাৰত বৃদ্ধি পাইছে। বুধবাৰে নিশা নগাঁও চহৰৰ হয়বৰগাঁৱত গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে এজন লোকে ঘৰৰ তলা ভাঙি লুটি নিছিল লক্ষাধিক টকাৰ অলংকাৰৰ লগতে হীৰাৰ গহনা।