চামগুৰি – ৰাইজে ড্ৰাগছসহ আটক কৰিলে দুই যুৱকক। চামগুৰি বজাৰৰ সমীপত ৰাইজে ড্ৰাগছসহ আটক কৰে দুই যুৱকক। বিল্লাল নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ পৰা যুৱক দুজনে ক্ৰয় কৰিছিল ড্ৰাগছ। ৰাইজে যুৱক দুজনক আৰক্ষীক গতাই দিয়ে।
নগাঁও জিলাৰ ভিতৰুৱা অঞ্চল সমূত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা। একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে মুকলিকৈ ড্ৰাগছৰ বেহা চলাই নিয়াৰ ফলত জিলাখনৰ যুৱ প্ৰজন্ম প্ৰতিদিনে এখোজ এখোজ কৈ আগুৱাই গৈছে ধ্বংসৰ দিশে। বুধবাৰে নগাঁও জিলাৰ চামগুৰি বজাৰৰ সমীপত ৰাইজে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা দুজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে।
যুৱক দুজন পুৱাৰ ভাগত চামগুৰি বজাৰৰ সমীপত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল। ড্ৰাগছ ক্ৰয় কৰি উভতি থকা অৱস্থা ৰাইজৰ সন্দেহ ওপজাত ৰাইজে যুৱক দুজনৰ তালাচি চলাই যুৱক দুজনৰ কবলৰ পৰা ড্ৰাগছ জব্দ কৰে। জানিব পৰা মতে ড্ৰাগছ আসক্ত যুৱক দুজনে চামগুৰি বজাৰৰ সমীপত থকা বিল্লাল নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰিছিল।
ধৃত যুৱক দুজন চামগুৰি-গেৰুৱামুখৰ সুন্দৰ আলী আৰু বাবুল আহমেদ বুলি জানিব পৰা গৈছে। ৰাইজে ড্ৰাগছসহ দুজন যুৱক আটক কৰাৰ খবৰ আৰক্ষীক দিয়াত ঘটনাস্থলীত চামগুৰি আৰক্ষীৰ দল উপস্থিত হোৱাত ৰাইজে যুৱক দুজনক আৰক্ষীক গতাইদিয়ে।