সম্পাদক প্ৰকাশ বৰুৱাক নিলম্বন

নিউজ ডেস্ক– ২০২১ চনত ৰাইজৰ দল শাসনলৈ আহিলে শংকৰদেৱ শিশু নিকেতন বন্ধ কৰি দিয়া হ’ব বুলি মন্তব্য আগবঢ়াই শলঠেকত পৰিল ৰাইজৰ দলৰ নগাওঁ জিলা সমিতিৰ সম্পাদক প্ৰকাশ বৰুৱা।

বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ বাবে দলৰ পৰা নিলম্বন কৰিলে নেতাজনক।

নগাওঁ জিলাৰ ৰূপহীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ এক ৰাজহুৱা সভাত এই মন্তব্য কৰিছিল বৰুৱাই। এক প্ৰেছ বিবৃত্তিযোগে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই এই বক্তব্য কোনোপধ্যে ৰাইজৰ দলৰ বক্তব্য নহয় বুলি স্পষ্টীকৰণ দিয়ে।

নগাঁৱৰ ৰূপহীৰ ৰাইজৰ দলৰ জনসভাত আগন্তুক দিনত ৰাইজৰ দলৰ চৰকাৰ হ’লে ৰাজ্যৰ নিকেতনসমূহ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি ৰাইজৰদলৰ নেতা প্ৰকাশ বৰুৱাৰ। ৰাজহুৱা সভা খনত বৰুৱাই আৰু কয়,

“২০২১ ত ৰাজ্যত শংকৰদেৱ শিশু নিকেতন বন্ধ হ’ব। RSSৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু বিদ্যা নিকেতনত নাথাকে শংকৰদেৱৰ ফটো!”

জিলা পৰ্যায়ৰ নেতাজনে আৰু কয় “আৰ এছ এছে আমাৰ পূজনীয়সকলক লৈ বেপাৰ কৰিলে আমি সেই কথা হ’বলৈ নিদিও। প্ৰথমতেই আমি ৰজ্যৰ টোলগেটসমূহ ভাঙি দিম মুকলি কৰি দিম। ৰাজ্যত যিমানকেইটা মহাপাপী ধুৰন্ধৰ কেলেংকাৰী আছে সিঁহতক আমি ৰাজপথত নাঙঠ কৰি চোঁচৰাই আনি ফাঁচীকাঠত ওলমাম।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply