নিউজ ডেক্স: বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৰাইজৰ দলৰ প্ৰথম খন জাতীয় অভিবৰ্তনৰ প্ৰথম দিনটোতে ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচ কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ হয় | বিজেপি চৰকাৰৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ ব্যক্ত কৰে | ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক অনুপ শইকীয়াই ক্ষোভ প্ৰকাশ কৰি কয়, ‘যোৱী এবছৰ ধৰি কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰাখিছে কৃষক নেতা গৰাকীক | অনাগত দিনত আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হম’ |

আনহাতে ৰাইজৰ দলৰ অভিবৰ্তনৰ প্ৰথম দিনাই বিজেপি বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে অভিৱৰ্তনস্থলী |

ৰাইজৰ দলৰ প্ৰথম খন জাতীয় অভিবৰ্তন

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতেই নিজৰ মত ব্যক্ত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোৱৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে এনেদৰে “চৰকাৰে অখিল গগৈক লৈ অন্যায় কৰিছে , ন্যায়ালয়ৰ ওপৰত আমাৰ ভৰষা আছে , প্ৰয়োজনত আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম | অসমৰ ৰাইজ অখিল গগৈৰ সৈতে আছে | যিকোনো ত্যাগৰ বিনিময়ত অখিল গগৈক মুক্ত আকাশৰ তললৈ আনিবলৈ চেষ্টা কৰিম | মুক্তিৰ দাবীত এতিয়া গণ আন্দোলন হ’ব |”

অভিবৰ্তনত কা আন্দোলনত শ্বহীদ হোৱা সকলকো স্মৰণ

উল্লেখ্য যে আজিৰে পৰা মৰাণত তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৰাইজৰ দলৰ জাতীয় অভিৱৰ্তন। এই অভিবৰ্তনত অখিলৰ উপস্থিতিৰ আশা কৰিছিল সকলোৱে |ন্যায়ালয়ৰ সিদ্ধান্তক লৈ ক্ষোভ প্ৰকাশ কৰিছে অভিবৰ্তনলৈ অহা সকলো প্ৰতিনিধিয়ে | বৃহস্পতি বাৰে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হয় ৰাজনৈতিক দলটোৰ প্ৰথম খন অভিবৰ্তন ।

প্ৰথম দিনা পতাকা উত্তোলন কৰে জাহ্নু বৰুৱাই। ইয়াৰ পিছতেই শ্বহীদ তৰ্পন, প্ৰতিনিধি পঞ্জীয়ন, প্ৰতিনিধি শিবিৰ মুকলি, আৰু সতীৰ্থ সন্মিলন, আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। অভিবৰ্তনত কা আন্দোলনত শ্বহীদ হোৱা সকলকো স্মৰণ কৰে |

অভিবৰ্তনৰ বাবে ইতিমধ্যে মৰাণত উপস্থিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াকে ধৰি ৭০ সংগঠনৰ সদস্যসকলৰ লগতে বহু নেতা-কৰ্মী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply