ৰাজনীতিত নতুনকৈ খোজ পেলালে অসমীয়া চলচ্চিত্ৰজগতৰ অভিনেত্ৰী জুপিতৰা ভূঞাই। আজি আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত  যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ  উপস্থিতিত দলটোত যোগদান কৰিলে জুপিতৰা ভূঞাই।

অসমবাসীৰ সকলোৰে পৰিচিত জুপিতৰা ভূঞাই চলচ্চিত্ৰ,  ভ্ৰাম্যমাণ থিয়েটাৰ আদি সাংস্কৃতিক ক্ষেত্ৰৰ পৰা এইবাৰ ৰাজনীতিৰ পথাৰত ভৰি দিলে অভিনেত্ৰীগৰাকীয়ে।

যোগদান কাৰ্যসূচীত ৰিপুণ বৰাই কয় যে,  “জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞা ডাঙৰীয়ানীয়ে আজি অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে। তেখেতক আমাৰ দললৈ আদৰণি জনাইছোঁ। এই যোগদানে নিশ্চিতভাৱে দলটোক শক্তিশালী কৰাত বিশেষ ভূমিকা পালন কৰিব”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply