ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে উপায়ুক্তৰ সভা Credit: ৰাজনৈতিক দলৰ প্রতিনিধিসকলক নির্বাচন সম্পর্কত কেতবােৰ বিষয় অৱগত কৰাৰ উদ্দেশ্যে সভা

গুৱাহাটী – সমাগত বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি হােৱাৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিসকলক নির্বাচন সম্পর্কত কেতবােৰ বিষয় অৱগত কৰাৰ উদ্দেশ্যে সােমবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত কেবাটাও ৰাজনৈতিক দলৰ প্রতিনিধিয়ে অংশগ্রহণ কৰে।

সভাত সমাগত বিধানসভা নির্বাচন সম্পর্কত কেতবােৰ কথা আলােচনা কৰি উপায়ুক্তগৰাকীয়ে কয় যে এইবাৰ নির্বাচন আয়ােগে প্রার্থীসকলৰ মনােনয়ন পত্র দাখিলৰ সুবিধাৰ অৰ্থে ‘সুবিধা’ নামৰ এটা এপচ্ আৰম্ভ কৰিছে। ইচ্ছুক প্রার্থীয়ে এই এপৰ সহায়ত এইবাৰ নির্দিষ্ট প্ৰ-পত্ৰ পূৰণ কৰি অনলাইন যােগেৰে মনােনয়ন পত্র দাখিল কৰিব পাৰিব। অৱশ্যে অনলাইন যােগেৰে প্ৰ-পত্র দাখিল কৰিলেও প্ৰাৰ্থী সকলে নির্দিষ্ট সময়সীমাৰ ভিতৰত ‘হার্ড’ কপি জমা দিয়াটো বাধ্যতামূলক বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

উপায়ুক্ত গৰাকীয়ে কয় যে কভিড-১৯ ৰ বাবে বিভিন্ন সাৱধানতা গ্রহণ কৰাৰ পৰিপ্ৰেক্ষিতত এইবাৰ বিধানসভা নির্বাচনত আশীবছৰৰ উৰ্দ্ধৰ ভােটাৰ, বিশেষভাৱে সক্ষম ভােটাৰ আৰু কভিড ৰােগী ভােটাৰক প’ষ্টেল বেলটৰ জৰিয়তে ভােটদান কৰােৱা বিষয়টোত বিশেষভাৱে গুৰুত্ব প্রদান কৰা হ’ব। অতিৰিক্ত উপায়ুক্ত শর্মিষ্ঠা বৰা, মুনীন্দ্ৰ বৰদলৈ আৰু ড° ধ্ৰুৱজ্যোতি হাজৰিকা, নির্বাচনী বিষয়া ঝর্ণা পাটগিৰিৰ উপৰি কেবাজনাে প্রশাসনিক বিষয়াই এই সভাত অংশগ্রহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply