গুৱাহাটী : তিনি দিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা আৰু নিৰ্বাচন আয়ুক্তদ্বয় সুশীল চন্দ্ৰা আৰু ৰাজীৱ কুমাৰে আজি ৰাজ্যখনৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচন সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে৷
মুখ্য নিৰ্বাচন আয়ুক্তই ৰাজ্যখনৰ জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতেও আলোচনাত মিলিত হয়৷ তদুপৰি নিৰ্বাচনৰ সৈতে জড়িত ৰাজ্যিক আৰু কেন্দ্ৰীয় নিয়ামক সংস্থাসমূহৰ বিষয়ববীয়াৰ সৈতেও আলোচনা অনুষ্ঠিত হয়৷
মুখ্য নিৰ্বাচন আয়ুক্তই কাইলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব, গৃহ বিভাগৰ সচিব, আৰক্ষীৰ সঞ্চালকপ্ৰধান তথা অন্যান্য জেষ্ঠ বিষয়াসকলৰ সৈতে নিৰ্বাচন সম্পৰ্কে আলোচনাত মিলিত হ’ব৷ তাৰপিছতে তেওঁ এক সংবাদ মেল সম্বোধন কৰিব৷