পথ দুৰ্ঘটনা

গুৱাহাটী – মহানগৰীৰ কাহিলিপাৰাত সোমবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ৰাজপথতে জ্বলি ছাই হয় এখন আই টেন গাড়ী। দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় গাড়ীখনৰ চালক।আঘাতপ্ৰাপ্ত চালকজনক হায়াত হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

ঘটনা অনুসৰি সোমবাৰে নিশা প্ৰায় ১২.৩০ মান বজাত লখৰা দিশে গৈ থকা তীব্ৰবেগী এখন আই টেন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই দক্ষিণগাঁৱত পথৰ ওপৰত থকা ডিভাইদাৰত খুন্দা মৰাৰ ফলত জুইৰ সূত্ৰপাত হোৱাত ৰাজপথতে গাড়ীখন দাও দাও কৈ জ্বলি উঠে।গাড়ীখনৰ জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় ৰাইজে চেষ্টা চলাই যদিও সম্পূৰ্ণৰূপে বিফল হয়।

স্থানীয় ৰাইজে গাড়ীখনৰ চালকজনক উদ্ধাৰ কৰি হায়াত হস্পিতাললৈ প্ৰেৰণ কৰে।চালকজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply