তেজপুৰ – ৰাজপথত মুক্ত বিচৰণ বনৰীয়া হাতীৰ। পথৰ চাৰিওফালে হাতী চাবলৈ ৰাইজৰ ভিৰ। স্তব্ধ যান বাহনৰ চলাচল। বন বিভাগৰ হাতী খেদা অভিযান।
শনিবাৰে পুৱাৰ ভাগত তেজপুৰৰ ৰাজপথত এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণ। বনৰীয়া হাতীয়ে ৰাজপথ দখল কৰাত ৰাইজৰ মাজত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ। বন বিভাগে হাতীটোক খেদাৰ অভিযান চলাই থকাৰ মাজতে হাতী চাবলৈ ৰাজপথৰ চাৰিওফালে ভিৰ কৰা পৰিলক্ষিত হয় হাজাৰ হাজাৰ লোকৰ। ৰাজপথৰ ওপৰতে বাহন এৰি হাতী চাবলৈ ভিৰ কৰে বাহন চালক সকলেও।
খাদ্যৰ সন্ধনত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি পুৱাৰে ভাগতে তেজপুৰৰ ৰাজপথত তাণ্ডৱ চলায় এটা বনৰীয়া হাতীয়ে। বন বিভাগৰ বনৰীয়া হাতীটো খেদাৰ অভিযান অব্যাহত থকাৰ মাজতে হাতীটোৱে ৰাজপথৰ কাষত থকা কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰাৰ মাজতে তেজপুৰৰ ৰাজপথত এটা বনৰীয়া হাতীয়ে তাণ্ডৱৰ সৃষ্টি কৰে। উল্লেখ্য যে বনাঞ্চল সমূহ সংকুচিত হৈ অহাৰ ফলত ৰাজ্যত বিভিন্ন সময়ত বনৰীয়া হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে।