যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন

শিৱসাগৰ – শিৱসাগৰ বেতবাৰিত পথৰ মাজতেই দাও দাওকৈ জ্বলি উঠিল এখন বাহন। শিৱসাগৰ জিলাৰ অন্তৰ্গত বেতবাৰি টাইমুৰ আলিত বেতবাৰি উচ্চতৰ মাধ্যমিক বিদ্যায়লৰ সন্মুখত এখন টাটা ইণ্ডিগ’ বাহন দাও দাওকৈ জ্বলি উঠিল।

দেওবাৰ শিৱসাগৰ জিলাত সংঘটিত হয় এক ভয়াবহ ঘটনা। ৰাজপথৰ ওপৰতে এখন বাহন দাও দাওকৈ জ্বলি উঠাত ৰাইজ আতংকিত হৈ পৰে। শিৱসাগৰৰ বেতবাৰি উচ্চতৰ মাধ্যমিক বিদ্যায়লৰ সন্মুখত এখন টাটা ইণ্ডিগ’ বাহনত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত বাহনখন পথৰ ওপৰতে দাও দাওকৈ জ্বলি উঠে।

জানিব পৰা মতে এ এছ-২৩-ই-২৬১৬ নম্বৰৰ টাটা ইণ্ডিগ বাহনখন এগৰাকী মহিলাই ভাড়াত লৈ চালকৰ সৈতে ডিব্ৰুগড়ৰ পৰা বেতববাৰি হৈ নাজিৰা অভিমুখে ৰাওনা হৈছিল।হঠাৎ বাহনখনৰ সন্মুখভাগৰ পৰা ধোঁৱা নিৰ্গত হোৱাত চালক আৰু মহিলা গৰাকী বাহনখন পথৰ ওপৰতে ৰখাই নামি যোৱাৰ পিছতেই বাহনখন দাও দাওকৈ জ্বলি উঠে।

এই ভয়াবহ ঘটনাৰ পৰা কথমাপি ৰক্ষা পৰে বাহনখনৰ চালকজনৰ লগতে বাহনখনত থকা মহিলা গৰাকী। পৰৱৰ্তী সময়ত অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,897 other subscribers

Leave a comment

Leave a Reply