মুখ্যমন্ত্ৰীয়ে অংশ ললে মাৰ্ঘেৰিটাত

নিউজ ডেক্স: ভোগালী বিহুক লৈ ৰাজ্যজুৰি মাৰ্ঘেৰিটাত ভোগালীৰ উৰুকাত উখল-মাখল পৰিৱেশ।ভোগালী উৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ।মাৰ্ঘেৰিটাৰ ৰাজখোৱা পথাৰ বাকৰি, আলুবাৰীত আয়োজিত ভোগালী বিহু অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে অসমবাসীলৈ ভোগালীৰ ওলগ জনাই |

যোৰহাটতো উৰুকাৰ উচাহ

ঐতিহাসিক ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখি সোণাপুৰৰ বমাণী বিলত সমূহীয়া মৎস্য চিকাৰ ৷ তেতেলীয়াৰ ৰজা পানবৰ ৰংপে বমাণী বিলৰ পাৰত পূজা কৰাৰ পাছতেই সমূহীয়া মৎস্য চিকাৰ ৷ উৰুকাৰ বতৰত বঙাইগাঁৱৰ ঐতিহাসিক তামৰঙা বিলত মাছৰ উজান। চিতল, ভকুৱা, আৰি মাছ বিচাৰি গ্ৰাহকৰ ভিৰ।

ভোগালীক আদৰিবলৈ সাজু নলবাৰীবাসী। বড়ি-ঠুটিকাটাৰ বজাৰত বিৰ দি বাট নোপাৱা অৱস্থা। পুৱতি নিশা পছন্দৰ মাছ বিচাৰি বজাৰত গ্ৰাহকৰ ভিৰ।

তামৰঙাৰ মাছ

লোকবিশ্বাস অনুসৰিয়েই মৰাণৰ কেইবাখনো গাঁও বিৰত আছে উৰুকাৰ আয়োজনৰ পৰা। ভোজ ভাত খোৱা , মেজি আদি জ্বলালে অপায় অমংগল হয় বুলি ৰাইজৰ বিশ্বাস সেইবাবে এই গাওবাসীয়ে আয়োজন নকৰে মাঘ বিহুৰ উৰুকা |

উৰুকাৰ বাবে নাছি-বাগি মাছ ধৰিবলৈ বিলত নামিল বিধায়িকা আঙুৰলতা ডেকা।

যোৰহাটতো উৰুকাৰ উচাহ। লগে-ভাগে এসাঁজ খাবলৈ সাজু গঞা ৰাইজ। সাজু দিল্লী পাব্লিক স্কুলৰ শিক্ষক-শিক্ষাৰ্থী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply