তেজপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ Credit: ইষ্ট ম'জ'

নিউজ ডেস্ক– অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী। তেজপুৰতো আঞ্চলিক ছাত্ৰ সন্থাই তেজপুৰৰ মাজমজিয়াত কলাভূমিৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ কৰ্মী আৰু কেইবাটাও সংগঠনৰ নেতা কৰ্মীয়ে উপস্থিতি থাকি পূৰ্ণ সমৰ্থন আগবঢ়ায়।

মানকাচৰ জিলাতো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ বিক্ষোভ

দক্ষিণ শালমাৰা মানকাচৰ জিলাতো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। পেট্ৰল, ডিজেল , ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ফকিৰগঞ্জ, দক্ষিণ শালমাৰা, হাজিৰহাট আদি প্ৰায় প্ৰতিখন ছাত্ৰ সন্থাই বিক্ষোভ প্ৰতিবাদ কৰি পৰিবেশ উত্তাল কৰি তোলে। দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক ছৰিফুল ইছলাম প্ৰধানীয়ে উক্ত বিক্ষোভ কাৰ্যসূচীত ভাগ লৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি অচিৰেই সৰ্ব সাধাৰণ ৰাইজৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনক ইয়াতকৈ আৰু অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

সোণাৰিত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ বিক্ষোভ

সোণাৰিতো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ বিক্ষোভ কাৰ্যসূচী। সন্মুখত গেছ চিলিণ্ডাৰ, অত্যাৱশ্যকীয় সামগ্ৰী লৈ প্ৰতিবাদ বহে ছাত্ৰ-ছাত্ৰীয়ে। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘট।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply