প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী- লকডাউনৰ সময়ত যানবাহন চলাচলত থকা নিষেধাজ্ঞাৰ স্বত্বেও বাহনৰ কৰ ৰেহাই নিদিয়া লগতে শ্ৰমিকক বিপদৰ সময়ত সহায় আগনবঢ়োৱাৰ লগতে কেইবাটাও কাৰণত ২৭ জানুৱাৰীৰ পৰা ধাৰাবাহিক চকা বন্ধ ঘোষণা কৰিছে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।

অসমৰ মটৰ শ্ৰমিকৰ বাবে পেঞ্চন, চিকিৎসা তথা তেওঁলোকৰ ল’ৰা-ছোৱালীৰ শিক্ষা সাহায্যযুক্ত কৰি চৰকাৰৰ প্ৰস্তাৱিত কল্যাণ আঁচনি শীঘ্ৰে চৰকাৰে কাৰ্যকৰী কৰাৰ লগতে অ’লা-ওবেৰৰ কৰ্তৃপক্ষই চালকৰ পৰা লোৱা কমিচন ২৬-৩০ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰাৰ লগতে আন কেতবোৰ দাবী তোলে শ্ৰমিকসকলে। শীঘ্ৰেই এইসমূহ সমস্যা সমাধান নকৰিলে মটৰ শ্ৰমিক সংগঠন যৌথ মঞ্চই আন্দোলন কঠোৰ ৰূপত কৰাৰ কথা প্ৰকাশ কৰিছে |

প্ৰথম পৰ্যায়ত ২৭ জানুৱাৰীত ২৪ ঘন্টাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। লগতে দ্বিতীয় পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় দিনত ঘোষণা কৰা হৈছে ৪৮ ঘন্টীয়া বন্ধ। তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত ৭২ ঘন্টীয়া চকা বন্ধ ঘোষণা কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে কঠোৰ হোৱাৰ হুংকাৰ দিছে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply