হোজাই– ডিমা হাচাও জিলাৰ মান্দাৰদিচাত হঠাতে মুকলি কৰিলে ৰাজ্যৰ আন এখন টোল প্লাজাখন। কৰ্তৃপক্ষই বাতৰি কাকতত প্ৰকাশ কৰিছিল যদিও হঠাৎ মঙলবাৰে মুকলি হোৱা টোল গেটক লৈ মুকলিৰ দিনাই বহু যাত্ৰীয়ে সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।
টোল গেটখনৰ নিৰ্মান কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে তথা ডিমা হাচাও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হোৱাৰ পৰ্বেই ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মান প্ৰাধীকৰণে মুকলি কৰিলে এইখন টোল প্লাজা ৷
সৰু যান বাহনৰ এবাৰ যাত্ৰাত ৮৫ টকা তথা অহা যোৱাত ১৩০ টকা, সৰু বাণিজ্যক বাহনৰ এবাৰত ১৪০ টকা তথা এদিনত অহা যোৱাত ২১০ টকা
বাচ আৰু ট্ৰাকৰ এবাৰত ২৯৫ টকা তথা এদিনত অহা যোৱাত ৪৪০ টকা, Three Axele বাণিজ্যিক বাহনৰ বাবে ৩২০ তথা এদিনত অহা যোৱাত ৪৮০ টকা কৰ সংগ্ৰহ কৰা হৈছে।
উল্লেখ যে বিভিন্ন সময়ত বিভিন্ন দল সংঘটনে ৰাজ্যত টোল গেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও চাৰিলেন যুক্ত পথৰ মেৰামতিৰ কাম সম্পূৰ্ন নোহোৱাকৈ ৰাজ্যত এটাৰ পিছত এটা টৌল গেট মুকলি কৰা হৈছে।