নিউজ ডেক্স:- ৰাজ্যৰ দুটা মূৰত দুটাকৈ প্ৰতিমূৰ্তি নিৰ্মাণক লৈ চৰ্চা চলিছে সৰ্বতে | বোকাখাতত সদ্যপ্ৰয়াত প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু শিলচৰত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিক লৈ ৰাজ্যজুৰি বিতৰ্ক আৰু চৰ্চা চলিছে |
বোকাখাতৰ প্ৰাক্তণ বিধায়ক জীতেন গগৈৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা প্ৰয়াত প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ১৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো নেতাজনৰ মুখ আৰু শাৰিৰীক অৱয়বৰ সৈতে সামান্যতম মিল নাই | এই চৰ্চা কেবল দলৰ ভিতৰচ’ৰাৰ লগতে বাহিৰতো হৈছে | যোৱা ২৬ ডিচেম্বৰত তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰব গগৈয়ে প্ৰতিমূৰ্তিটো উন্মোচন কৰিছিল | উন্মোচন কৰি গৌৰব গগৈয়ে প্ৰতিমূৰ্তিটোত কিছু সালসলনি কৰিবৰ বাবে জীতেন গগৈক পৰামৰ্শ দিছিল | এই মূৰ্তিটোৱে তৰুণ গগৈৰ ব্যক্তিত্ব আৰু অৱয়ব প্ৰতিফলন কৰাত ব্যৰ্থ হোৱা বুলি সামাজিক মাধ্যমত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে | ইয়াৰ মাজতে বোকাখাতৰ স্থানীয় ৰাইজে পুত্ৰৰ স্নেহেৰে জীতেন গগৈয়ে এমাহৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তিৰ বাবে সলাগ লোৱাৰ লগতে মূৰ্তিটোক উন্নত কৰিবলৈ জনাইছে |
আনহাতে যোৱা ২৫ ডিচেম্বৰত শিলচৰৰ মহাচড়কৰ জিৰ’ পইন্টত উন্মোচন কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিক লৈও আন এক বিতৰ্কৰ সৃষ্টি হৈছে |প্ৰতিমূৰ্তি স্থাপনৰ বাবে বাবে যি ৩৩ লাখ খৰচ হৈছে সেইয়া কয়লা ছিন্ডিকেটৰ পৰা লোৱা হৈছে | এই অভিযোগ কৰিছে বৰাক ডেম’ক্ৰেটিক ফ্ৰন্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰয়ৰ | দেশবাসীৰ শ্ৰদ্ধা ভক্তি থকা মহান নেতাজনৰ প্ৰতিমূৰ্তি স্থাপনত ছিন্ডিকেটৰ ধন কৰাৰ বিষয়টো দুৰ্ভাগ্যজনক |