ৰাজ্যত নিসিদ্ধ হ'ল বহিঃৰাজ্যৰ পৰা হাঁহ-কুকুৰা বিক্ৰীত

নিউজ ডেক্স: অবশেষত বাৰ্ড ফ্লু’ৰ আশংকাত অসমলৈ বহিঃৰাজ্যৰ পৰা হাঁহ-কুকুৰা অনা আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰে ৷

সমগ্ৰ দেশতে বাৰ্ড ফ্লুই ভয়ংকৰ ৰূপ লোৱাত অসমতো ইয়াৰ প্ৰাদুৰ্ভাৱ ঘটাৰ আশংকাত সাময়িকভাৱে অসমত নিষিদ্ধ বহিঃৰাজ্যৰ কুকুৰা।

অসমৰ সকলো জিলাতে সকলো ধৰণৰ দোকানতে বহিঃৰাজ্যৰ পৰা অহা কুকুৰা মাংসৰ ক্ৰয়-বিক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰি অসম চৰকাৰৰ পশুপালন বিভাগে এক নিৰ্দেশ জাৰি কৰিছে। সতৰ্কতা অৱলম্বনৰ বাবেই এই পদক্ষেপ অসম চৰকাৰৰ । কাৰণ পক্ষীৰ মাজত প্ৰধানকৈ দেখা দিয়ে এই ৰোগে।

কুকুৰা বিক্ৰিত নিষেধাজ্ঞা জাৰি কৰা চৰকাৰী নিৰ্দেশ

উল্লেখ্য যে ইতিমধ্যে কেৰালা ৰাজ্যত, হাৰিয়ানা আৰু মধ্যপ্ৰদেশত প্ৰধানকৈ দেখা দিছে এই ৰোগে। কিন্তু এই ৰোগৰ কোনো উচিত চিকিৎসা নথকাত কেৰালা চৰকাৰে ৬৯ হাজাৰ কুকুৰা নিধন কৰিছে।

কেইখন ৰাজ্যতে এই ৰোগৰ প্ৰভাৱত পৰি বহু পক্ষীৰ মৃত্যু হৈছে। কেৱল কুকুৰাই নহয় কাউৰী আৰু অন্য পক্ষীয়ো এই ৰোগৰ কবলত পৰিছে।

অসমলৈ এই সময়ত বহু পৰিভ্ৰমী চৰাই অহাত এই ক্ষেত্ৰতো সতৰ্ক থাকিবলৈ পশু চিকিৎসাকৰ্মীক সকলক সতৰ্ক থাকিবলৈ কোৱা হৈছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply