তেজপুৰঃ ৰাজ্যৰ কিছু কিছু প্ৰান্তত এতিয়াও চলি আছে বাল্য বিবাহ। তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত কোৰকানি গাঁৱত বৃহস্পতিবাৰে নিশা চলিছিল দুখনকৈ বাল্য বিবাহ। ১৮ বছৰৰ তলৰ যুৱতী বিয়া দিয়াটো আইন মতে দণ্ডনীয়। তাৰ পিছতো বৰঘাট আৰক্ষীচকীৰ এলেকাৰ কোৰকানিত দুগৰাকী ১৮ বছৰৰ তলৰ নাবালিকাক বিয়া দিয়াৰ যো-জা কৰোতেই বৰঘাট আৰক্ষীয়ে বিয়া ঘৰত উপস্থিত হৈ নাবালিকা দুগৰাকীক উদ্ধাৰ কৰে।

এই সন্দৰ্ভত বৰঘাট আৰক্ষীয়ে কয়, ‘আমি খবৰ পাইছিলো কোৰকানি গাঁৱত নিশা ৯ বজাৰ পৰা ১০বজাৰ ভিতৰত এখন বাল্যবিবাহ চলি আছিল। ঘটনাস্থলীত উপস্থিত হৈ পৃথকে পৃথকে আমি দুজনী ছোৱালীক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলো।দুয়োগৰাকীৰে বয়স ১৮বছৰৰ তলত আছিল। ইতিমধ্যে যুৱতী দুগৰাকীৰ অভিভাৱককো আটক কৰিছো। পৰৱৰ্তী সময়ত আইনমতে যিখিনি কৰিবলগীয়া আছে সেইখিনি পিছত তদন্তকালীনত কৰা হ’ব। ‘

এই সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ছোৱালী দুগৰাকীক শিশু কল্যাণ সমিতিক চমজাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply