গুৱাহাটী – ৰাজ্যত পুনৰ এগৰাকী সাংবাদিকক পৰিকল্পিতভাৱে হত্যা কৰা হ’ল! কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট সাংবাদিক পৰাগ ভূঞাৰ এক অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হৈছে।

বুধবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ বিশিষ্ট সাংবাদিক গৰাকীক নিজ বাসগৃহৰ সন্মুখতে এখন অচিনাক্ত বাহনে মহতিয়াই থৈ যোৱাৰ পিছত সাংবাদিক গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় যদিও সাংবাদিক গৰাকীৰ মৃত্যু হয়। উল্লেখ্য যে নৱগঠিত অসম জাতীয় পৰিষদ দলৰ আহ্বায়ক জগদীশ ভূঞাৰ ভাতৃ পৰাগ ভূঞাক হত্যাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

স্থানীয় লোকৰ লগতে সাংবাদিক সমাজে সাংবাদিকগৰাকীক পৰিকল্পিতভাৱে দুৰ্ঘটনা সংঘটিত কৰি হত্যাৰ অভিযোগেৰে তদন্তৰ দাবী তুলিছে। ইতিমধ্যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সাংবাদিক পৰাগ ভূঞাক দুৰ্ঘটনাত পতিত কৰোৱা বাহনখন চালক জেমচ মুঢ়া,বাহনখনৰ হেণ্ডিমেন/সহায়ক বাবা বৰদলৈক আটক কৰিছে।

উল্লেখযোগ্য যে,প্ৰয়াত সাংবাদিক পৰাগ ভুঞা বৈদ্যুতিন সাংবাদিক প্ৰতিষ্ঠান প্ৰতিদিন টাইম আৰু দৈনিক বাতৰি কাকত অসমীয়া খবৰৰ কাকপথাৰৰ সংবাদদাতা আছিল। সাংবাদিক পৰাগ ভুঞাই ‘দৈনিক জনমভূমি’ৰ কাকপথাৰৰ নিজা বাতৰি দিওঁতা ৰূপে দীৰ্ঘদিন বাতৰি পৰিবেশন কৰিছিল।

জানিব পৰামতে শেহতীয়াকৈ এগৰাকী স্থানীয় ৰাজনৈতিক নেত্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ কৰিছিল সাংবাদিক পৰাগ ভূঞাই। এনে পৰিপ্ৰেক্ষিততে সাংবাদিকগৰাকীক পৰিকল্পিতভাৱে হত্যাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply