ৰাজ্যত পুনৰ ৪৫১১ গৰাকী শিক্ষকক নিযুক্তি

নিউজ ডেস্কঃ শনিবাৰে খানাপাৰাত অনুষ্ঠিত হয় নৱ নিযু্ক্ত শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪৫১১গৰাকী শিক্ষকক প্ৰদান কৰে নিযুক্তি পত্ৰ। এই নিযুক্তি প্ৰদান অনুষ্ঠানতে আগন্তুক ৫ ফেব্ৰুৱাৰীত পুনৰ ৰাজ্যৰ ৩০,০০০ শিক্ষকক নিযুক্তি প্ৰদানৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।ৰাজ্যত ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰী হোৱাৰ পূৰ্বে এই ঘোষণা কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

অহা বছৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ব পৰাকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰী কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। বিগত বৰ্ষ সমূহত ৰাজ্যৰ শিক্ষকসমূহে বহু সমস্যা, ছাত্ৰ-ছাত্ৰীয়ে বহু সমস্যাৰ সন্মুখীন হৈ বৰ্তমানৰ চৰকাৰে সেই সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

লগতে পৰৱৰ্তী পৰ্যায়ত নিযুক্তি যোগ্যতা থকা সকলোকে নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে নিযুক্তি পৰা বঞ্চিত এচাম শিক্ষকে অনুষ্ঠানত উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে | অনুষ্ঠানৰ সামৰণিত ক্ষোভিত শিক্ষকে প্ৰতিবাদ কৰিবলৈ গৈ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহনৰ সমুখত প্ৰতিবাদ কৰি আঘাটপ্ৰাপ্ত এগৰাকী মহিলা শিক্ষয়িত্ৰী। আঘাটপ্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকী জোনাইৰ দীপা পায়েং |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply