ৰাজ্যত হ্ৰাস পাই আছে সমগ্ৰীৰ মূল্য : ফণীভূষণ চৌধুৰী

বৰপেটা – ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পোৱা মূল্যবৃদ্ধি সম্পৰ্কত মন্তব্য দিবলৈ অস্বীকাৰ ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ৷ মূল্যবৃদ্ধি প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্ততৰ ফনীভূষণ চৌধুৰীয়ে কলে, ‘ৰাজ্যত হেনো হ্ৰাস পাই আছে সামগ্ৰীৰ মূল্য’৷

বৰপেটা জিলাৰ বাঘবৰৰ বৰদলনি গাঁৱত সোমবাৰে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ উপস্থিতিত ভেলেঙী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহন কৰা এখন আঁচনিৰ কামৰ শুভাৰম্ভ কৰে৷ নাবাৰ্ডৰ অৰ্থ সহাৰ্য্যৰে জলসম্পদ বিভাগে গ্ৰহন কৰা ৩ কোটি টকা ব্যয় সাপেক্ষ খহনীয়া প্ৰতিৰোধী আঁচনিখনৰ কামৰ শুভাৰম্ভ কৰি ফনীভূষণ চৌধুৰীয়ে পূৰ্বৰ চৰকাৰসমুহে খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম সমুহ বানপানীৰ সময়তহে আৰম্ভ কৰিছিল বুলি মন্তব্য কৰে৷

বৰ্তমানৰ চৰকাৰে বান অহাৰ পূৰ্বেই খহনীয়া প্ৰতিৰোধী আচনিসমুহৰ কাম আৰম্ভ কৰা বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে৷ ইপিনে ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত অগপৰ একাংশ সমষ্টিত বিজেপিয়ে চকু দিয়া কথাক লৈ মুখ খুলিব নিবিচাৰে অগপ নেতা তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে৷ সাংবাদিকৰ আগত সদায়েই পলায়ণবাদী ভূমিকা গ্ৰহন কৰি অহা ফনীভূষণ চৌধুৰীৰ মন্তব্য তেওঁ উন্নয়ণমুলক আচনিৰ কামত আহিছে গতিকে সেই সম্পৰ্কেহে কথা পাতিব৷ অবশ্যে সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নত ফনীভূষণ চৌধুৰীয়ে পাটাছাৰকুছি সমষ্টি অগপই লাভ কৰিবই বুলি নিশ্চিত থাকিবলৈ সাংবাদিকক জানিবলৈ দিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply