গুৱাহাটী – ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ ইতিহাসত প্ৰথম ঘটিল এই ঘটনা। সোমবাৰে হৈ যোৱা উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ নিৰ্বাচনত ১০ খন আসনত জয়লাভ কৰি ৰাজ্যসভাৰ সংখ্যা গৰিষ্ঠতা লাভ কৰে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে। ইয়াৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছৰ আসন ৩৮ খনলৈ হ্ৰাস পায়।

আনহাতে, বিজেপিৰ লগত ৰাজ্যসভাৰ ৯ জন সাংসদৰ স’তে উচ্চ সদনৰ সাংসদৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি পাইছে৷ উত্তৰপ্ৰদেশত ১০ খন আসনৰ ৮ খন দখল কৰে বিজেপিয়ে। জয় লাভ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ পুত্ৰ নীৰজ শেখৰে।

আনহাতে, আন দুখন আসন জয়ী হৈছে সমাজবাদী পাৰ্টীৰ প্রাৰ্থী ৰাম গোপাল যাদৱ আৰু বহুজন সমাজ পাৰ্টীৰ প্ৰাৰ্থী ৰামজী গৌতম।

ইফালে উত্তৰাখণ্ডত একমাত্ৰ এখন আসনতে জয়ী হৈছে বিজেপিয়ে। পূৰ্বে সেই আসনখনত আছিল কংগ্ৰেছৰ সাংসদ ৰাজ বাব্বৰ।

ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশত কংগ্ৰেছে এখন আসনত জয়ী লাভ কৰিছিল যদিও এইবাৰ জয়ী হ’ব নোৱাৰিলে কংগ্ৰেছ। ইয়াৰ পূৰ্বে ১০ খন আসনৰ ৬ খন বিজেপিৰ দখললৈ গৈছিল। পিছে এইবাৰ আসনৰ সংখ্যা আৰু তিনি খনলৈ বৃদ্ধি পায়। অহা ডিচেম্বৰত হ’ব কৰ্ণাটক ৰাজ্যসভাৰ এখন আসনৰ ভোটদান প্ৰক্ৰিয়া। এইবাৰ কৰ্ণাটকতো বিজেপিয়ে আসন দখল কৰিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply