ৰাজ্যসভাৰ আসনত বিজেপিৰ প্ৰাৰ্থী হ'ব বিশ্বজিৎ দৈমাৰী Credit: বিজেপিৰ ৰাজ্যিক সভাপতিক লৈ মনোনয়ন পত্ৰ দাখিল

নিউজ ডেস্ক: বিপিএফ এৰি বিজেপিত যোগদান কৰা বিশ্বজিৎ দৈমাৰীক আগন্তুক ৰাজ্যসভাৰ খালী হৈ থকা আসন খনত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছে |

বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰি বিশ্বজিৎ দৈমাৰীয়ে বড়োলেণ্ড পিপলছ পাৰ্টি(বিপিএফ) ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। যাৰ ফলত আসনখন খালী হৈছিল |

ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কাৰ্যালয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজসভাৰ উপ নিৰ্বাচনত অসমৰ খালী হৈ থকা ৰাজ্যসভাৰ আসনখনৰ বাবে বিশ্বজিৎ দৈমাৰীক প্ৰাৰ্থীত্ব দিয়াৰ কথা ঘোষণা কৰিছে।

ৰাজ্যসভাৰ খালী হৈ থকা আসনখন পূৰণ কৰাৰ বাবে অহা ১ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব।সোমবাৰে বিজেপিৰ ৰাজ্যিক সভাপতিক লৈ মনোনয়ন পত্ৰ দাখিল কৰে বিশ্বজিৎ দৈমাৰীয়ে | ১৮ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু পাছদিনা অথাৎ ১৯ ফেব্ৰুৱাৰীত মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply