ৰাজ্যিক কেবিনেটে কমালে চৰকাৰী বন্ধ

গুৱাহাটী– ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত দেওঁবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি বৈঠকৰ অন্তত প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে |

সেই সিদ্ধান্তসমূহৰ ভিতৰত আছে –

২০২১ বৰ্ষৰ বন্ধৰ তালিকাত চৰকাৰী বন্ধ ৩৪ দিন, সীমিত বন্ধ ৩১ দিন ধাৰ্য কৰা হৈছে।বান গৰাহখহনীয়াত খেতি-মাটি-বাসগৃহ ক্ষতিগ্ৰস্তসকলে পাব ৫ লাখ টকা পৰ্য্যন্ত সাহাৰ্য । আনহাতে বানপানীত বাসগৃহ ক্ষতিগ্ৰস্ত হলে ১.৫ লাখ আৰু খেতি মাটি গ’লে ১ লাখ টকাৰ ক্ষতিপূৰণ পাব।

চাহ বাগিচাত চলি থকা আঁচনি চোৱাৰ বাবে PMU গঠন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে কেবিনেটে। চৰকাৰী ভাবে মিৰিৰ ঠাইত এতিয়াৰে পৰা নাম হ’ব “মিচিং” হিচাবে ব্যৱহাৰ কৰিব । বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যতে সমস্যাৰ কাৰক হৈ পৰা মাইক্ৰ ফাইনেঞ্চিয়েল অনুষ্ঠানসমূহ পৰিচালনাৰ বাবে নতুন আইন হ’ব | RBIৰ নীতি-নিৰ্দেশনা অনুযায়ী নিয়ন্ত্ৰণ কৰা হ’ব মাইক্ৰ ফাইনেঞ্চ কোম্পানী সমূহক | তিনি বছৰৰ বাবে কৃষি আয়কৰ ৰেহাই | পোনপটীয়াকৈ ভূমি ক্ৰয়ৰ বাবে ভূমিৰ বিধান সৰলীকৰণৰ সিদ্ধান্ত | মাদ্ৰাছা আৰু সংস্কৃত টোলৰ বাবে বিশেষ আইন অনা হ’ব। আগন্তুক বিধানসভাত উত্থাপন কৰা হ’ব ৷ শিক্ষানীতি কিছু সংশোধন কৰি ধৰ্মনিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হ’ব |

আগৰৰ খেতিৰ বাবে নতুন পলিচি পাৰিত কৰিছে, এই ব্যৱসায়ত এতিয়াৰে পৰা নাথাকিব কোনো মধ্যভোগী। ব্যক্তিগত শিক্ষানুষ্ঠান বহুতে অনুমতি নোহোৱাকৈ শিক্ষাদান কৰি আছে, এতিয়াৰে পৰা স্কুল খুলিলেও অনলাইনযোগে ল’ব লাগিব চৰকাৰৰ অনুমতি।

উল্লেখ্য় যে এই বৈঠকত অংশ গ্ৰহণ নকৰিলে বি পি এফৰ তিনি মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমিলাৰাণী ব্ৰহ্ম আৰু ৰিহন দৈমাৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply