গোলাঘাটৰ পুলিবৰ আদৰ্শ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজোপা গছত আলফাৰ পতাকা

নিউজ ডেস্ক: দেশজুৰি আজি ৭২সংখ্যক গণৰাজ্য দিৱস উত্‍যাপন কৰাৰ দিনাই অসমৰ দুই স্থানত উৰিল আলফা(স্বাঃ)ৰ পতাকা। গোলাঘাটত আৰু তিনিচুকীয়াত সংঘটিত হৈছে এই ঘটনা ৷ গোলাঘাটৰ পুলিবৰ আদৰ্শ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজোপা গছত আলফাৰ পতাকা দেখা গৈছে ৷ বিদ্যালয়লৈ আহি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে দেখাত আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে পতাকাখন লৈ যায় ৷

আনহাতে তিনিচুকীয়াৰ মাকুম বাইপাছ, পানীতোলা, কাকপথাৰ ৰাজহুৱা খেলপথাৰ আৰু বাৰেকুৰিৰ ডেংকা প্ৰাথমিক বিদ্যালয়ৰ চৌহদতো উৰুৱাই থোৱা অৱস্থাত উদ্ধাৰ হয় আলফাৰ পতাকাখন । গণৰাজ্য দিৱসৰ দিনাই এখন বিদ্যালয়ৰ চৌহদত আলফাৰ পতাকা উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। বিদ্যালয়ৰ কৰ্তৃপক্ষই খবৰ দিয়াৰ বহু সময়ৰ পিছত বাৰেকুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বিদ্যালয়ৰ চৌহদত উপস্থিত হৈ পতাকাখন জব্দ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply