চাপানলা– পূৰ্বৰ পৰিৱেশ নাই বনভোজস্থলীত সমূহত। কৰ’ণা আতংকৰ মাজতে দুই-এঠাইত কিছু লোক ওলাই আহিছে যদিও সম্পূৰ্ণৰূপে ম্লান পৰিছে বনভোজৰ আনন্দ। যি সময়ত আজিৰ দিনটোত ৰাজ্যৰ বনভোজস্থলী সমূহ লোকেলোকাৰণ্য হৈ পৰিছিল সেই সময়তে জনশূন্য হৈ আছে বনভোজস্থলী সমূহ।
ৰাজ্যত কৰ’ণা মহামাৰীৰ সন্ত্ৰাস কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও দেশৰ বহু ঠাইত কৰ’ণাই বৰ্তমানেও তাণ্ডৱ চলাই আছে। কৰ’ণা মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে তলাবন্ধৰ নিচিনা পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হোৱাত দেশৰ অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। বৃহৎ বৃহৎ উদ্যোগৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ ব্যৱসায়ী সকলক বিধ্বস্ত কৰা কৰ’ণা মহামাৰীৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা ক্ষেত্ৰটোৱে হৈছে পৰ্যটন ক্ষেত্ৰৰ।
শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মনোমোহা পৰিৱেশৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ওলাই আহে হাজাৰ হাজাৰ লোক। বিশেষকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহ ৰাজ্যত বনভোজৰ মাহ হিচাপে উদযাপন কৰা হয়। এইবাৰ কিন্তু ডিচেম্বৰ মাহত নাই বনভোজ উদযাপনৰ পৰিৱেশ। কৰ’ণা পৰিস্থিতিৰ বাবে ৰাজ্যত নাই বনভোজৰ আনন্দ, ম্লান হৈছে বনভোজৰ আনন্দ। আজি পহিলা ডিচেম্বৰ, আজিৰ দিনটোত পূৰ্বৰ বছৰ সমূহত সমগ্ৰ ৰাজ্যৰ বনভোজীস্থলীসমূহৰ দৰে নগাঁও জিলাৰ চাপানালাৰ চম্পাবতী কুণ্ড তথা জলপ্ৰপাতো ভৰি পৰিছিল দেশী-বিদেশী পৰ্যটকেৰে। চাপানালাৰ ঐতিহাসিক এই বনভোজীস্থলীত সমাগম হৈছিল অসংখ্য বনভোজ দলৰ কিন্তু এইবাৰ নাই সেই পৰিৱেশ। মহামাৰী কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে বনভোজীস্থলীলৈ অহা নাই বনভোজৰ দল।
এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ চাপানালাৰ চম্পাবতী কুণ্ড তথা জলপ্ৰপাতত। আনহাতে নৱবৰ্ষত চম্পাবতী কুণ্ড পৰিচালনা সমিতিয়ে বনভোজদলক আদৰিবলৈ বনভোজীস্থলীখন পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে সজাই-পৰাই তুলিছে যদিও বৰ্তমানেও এই স্থানলৈ বনভোজ দল আহিবনে নাই সেইয়া অনিশ্চয়তাৰ মাজত। আনহাতে চৰকাৰ-তথা প্ৰশাসনে এই বনভোজীস্থলী সমূহক লৈ কভিড-১৯ৰ বাবে কি কি নীতি-নিৰ্দেশনা জাৰি কৰে সেয়াহে লক্ষ্যণীয় হ’ব।