নিউজ ডেস্ক– ৰাজ্যৰ মহিলাসকলে লাভ কৰিব ৫০ হাজাৰকৈ টকা। বুধবাৰে এই ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ৮ ফেব্ৰুৱাৰীত মহিলাসকললৈ আগবঢ়োৱা হ’ব এই ধনৰাশি।
কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সমূহলৈ আগবঢ়োৱা হ’ব এই ধন।
কেইদিনমান পূৰ্বে স্বয়ম আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে ৰাজ্যৰ মহিলাসকললৈ আৰ্থিক অনুদান আগবঢ়াবলৈ।