শিৱসাগৰ:- ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মহাবিদ্যালয়ত অধ্যয়ণৰত শিক্ষাৰ্থীৰ বাবে ১৫০০টকা আৰু বিশ্ববিদ্যালয়ত পঢ়া শিক্ষাৰ্থীয়ে পাব ২০০০টকাকৈ। শিক্ষাৰ্থীসকলে নিজৰ খৰচ বহন কৰাৰ লগতে কিতাপ-পত্ৰ কিনাত সুবিধা হোৱাৰ বাবে এই সিদ্ধান্ত।
২০২০ বৰ্ষটো ক’ভিডৰ বাবে অতি বেয়াকৈ পাৰ হোৱাৰ বাবে বহুকেইখন আঁচনি কাম ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে। শিক্ষাৰ্থীসকলে যাতে নিজৰ খৰচটো মাক-দেউতাকৰ পৰা আনিবলগীয়া নহয় তাৰবাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি শিৱসাগৰত মন্তব্য শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
লগতে প্ৰতিদিনে শ্ৰেণীকোঠাত ক্লাছ কৰা স্কুল-কলেজৰ শিক্ষাৰ্থীৰ একাউণ্টত এশ টকাকৈ দিয়াৰ পৰিকল্পনা আছে বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই। শিৱসাগৰত অনুষ্ঠিত ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ মুঠ ৯৪৮গৰাকী কৃতী ছাত্ৰীক স্কুটী প্ৰদান কৰে ।