সংবাদমেলত হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেক্স:- ৰাজ্য চৰকাৰে নতুন বৰ্ষত ৰাইজক সকাহ দিয়াৰ বাবে ব্যবস্থা হাতত লৈছে | অহা ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব পেট্ৰ’ল- সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ। কেৱল ইমানেই নহয়, ৰাজ্যত কোৰোণা ভাইৰাছৰ সক্ৰমণে ভয়াবহ ৰূপ লোৱাৰ সময়ত ৰাজ্যৰ আৰ্থিক অবস্থা অধিক শোচনীয় হৈ পৰাত সেই সময়ত অৰ্থনৈতিক দিশত ৰাজ্যখন সুস্থিৰ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে বহু কেইটা অতিৰিক্ত কৰ আৰোপ কৰিছিল | নৱবৰ্ষৰ প্ৰথম দিনটোতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এই সুখবৰ।

এতিয়া সেই অতিৰিক্ত কৰ সমূহ নাইকীয়া কৰিবলৈ সিদ্ধান্ত লৈছে | অহা ফেব্ৰুৱাৰী মাহৰ পৰা কৰ্তন কৰা হ’ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে, ল’ক ডাউনৰ পিছতে পেট্ৰ’ল-ডিজেলৰ ওপৰত ৰাজ্য চৰকাৰে অতিৰিক্ত ৫ টকাৰ কৰ আৰোপ কৰিছিল। সেইদৰে কৰ আৰোপ কৰিছিল সুৰাৰ ওপৰত। বিশেষকৈ পেট্ৰ’ল-ডিজেলৰ ওপৰত কৰ আৰোপ কৰাৰ ফলত সাধাৰণ নাগৰিকৰ ওপৰত পৰিছিল ইয়াৰ প্ৰভাৱ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply