গুৱাহাটী– দুৰ্যোগ প্ৰশমন বিভাগে আজিৰ পৰা ৰাজ্য়ত জাৰি কৰিছে কভিডৰ নতুন নিৰ্দেশনা। অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ১০ জানুৱাৰী পৰ্যন্ত কাৰ্যকৰী হোৱাকৈ এইসমূহ নীতি নিৰ্দেশনা বলৱৎ কৰিছে। এই নিৰ্দেশনা অনুসৰি কোনো ৰাজহুৱা স্থান, ব্যক্তিগত অনুষ্ঠান, প্ৰেক্ষাগৃহত ৫০ শতাংশ লোকহে সমবেত হ’ব পাৰিব। ৫০ জনতকৈ অধিক লোক একেলগে সমবেত হ’ব নোৱাৰিব। মুকলি স্থানত আয়োজিত অনুষ্ঠানৰ ক্ষেত্ৰতো সামাজিক দূৰত্ব মানি চলিবলৈ নিৰ্দেশ ৰাজ্য প্ৰশাসনৰ।
ইয়াৰ লগতে ধৰ্মীয় অনুষ্ঠানো ঘৰৰ ভিতৰতে অনুষ্ঠিত কৰাৰ নিৰ্দেশ। যদিহে ৰাজহুৱা স্থানত ধৰ্মীয় অনুষ্ঠান পতা হয় তেতিয়া সামাজিক দূৰত্ব আৰু কভিড প্ৰট’কল মানি চলাতো বাধ্যতামূলক।

বাহিৰত কোনো উৎসৱ পাৰ্বনত জুম বান্ধি কোনো লোক সমবেত হ’ব নোৱাৰিব। সমবেত হ’লেও সামাজিক তথা শাৰীৰিক দূৰত্ব মানি চলিব লাগিব। প্ৰতিষ্ঠান সমূহে মাস্ক, চেনিটাইজাৰ যোগান ধৰাৰ লগতে বাধ্যতামূলক কোভিড টেষ্ট কৰাব লাগিব। এই নিৰ্দেশনাৰ ভিত্তিত জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু মহানগৰ আৰক্ষী আয়ুক্তই নিয়ম ভঙ্গকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।
সম্প্ৰতি সময়ত বৃদ্ধি পোৱা কভিড সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য় চৰকাৰ। যোৱা ১৪ ডিচেম্বৰত প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফৰ প্ৰতিনিধিৰ উপস্থিতিত জিলা উন্নয়ন আয়ুক্ত অতুল চন্দ্ৰ শৰ্মাৰ অধ্যক্ষতাত ক’ভিড প্ৰতিষেধক সম্পৰ্কীয় টাস্ক ফ’ৰ্চৰ এখন গুৰূত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশানুযায়ী ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা হৈছে জিলাখনত৷ ইতিমধ্যে জিলাখনত প্ৰতিষেধক প্ৰদান কৰিব লগীয়া ব্যক্তিৰ পঞ্জীয়নো আৰম্ভ হৈছে৷ কামৰূপ মেট্ৰ’ জিলাত বৰ্তমান ২৯টা শীতলীকৰণ ভঁৰাল কাৰ্যক্ষম হৈ আছে আৰু ইয়াত ৩,২২,১৭০ ড’জ ক’ভিড ভেকচিন মজুত ৰখাৰ ব্যৱস্থা আছে৷