বনৰীয়া হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী– ৰাণী বনাঞ্চলৰ ছাটাৰগাঁওৰ থিয়পানী জলপ্ৰপাতৰ দাঁতিত বনৰীয়া হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ। বন বিভাগৰ তহলদাৰী দলে উদ্ধাৰ কৰে হাতী পোৱালীৰ মৃতদেহটো।

বনবিভাগৰ ৰাণীৰ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বৰ্মনে জানিবলৈ দিয়া মতে পাহাৰৰ পৰা পিছলি পৰি বুধবাৰে হাতী পোৱালীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। হাতী পোৱালীটোৰ বয়স প্ৰায় তিনিমাহ মান হ’ব বুলি অনুমান কৰা হৈছে।

আজি পুৱা ৯ মান বজাত এলিফেণ্ট কৰিডৰ তথা বনৰীয়া হাতীৰ বিচৰণথলী হিচাপে পৰিচিত ৰাণী বনাঞ্চলৰ অন্তৰ্গত ছাঁটাৰগাঁওৰ থিয়পানী অঞ্চলত সজ্জনপাৰা খণ্ড বন বিষয়া বাবুল কোঁৱৰৰ নেতৃত্বত এটা বন কৰ্মীৰ দল তহল দিবলৈ গৈছিল । সেই সময়ত বনকৰ্মীৰ দলটোৱে জলপ্ৰপাতৰ তলত হাতী পোৱালীটোক মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে ।

তাৰপাছত খণ্ড বিষয়া বাবুল কোঁৱৰে ৰাণীৰ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বৰ্মনক অৱগত কৰে । দুপৰীয়া বন বিষয়া বৰ্মনে চকৰদৌ পশু উপস্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰীক লগত লৈ থিয়পানীত উপস্থিত হয়। ডাঃ দেউৰীয়ে হাতী পোৱালীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত মৃতদেহটো বিয়লি বিভাগীয় নিয়মানুসৰে সমাধিস্থ কৰা হয় ।

অৱশ্যে ডাঃ দেউৰীয়ে অধিক পৰীক্ষাৰ বাবে পোৱালী হাতীটোৰ মৃতদেহৰ অৱশিষ্ট সংগ্ৰহ কৰিছে যদিও ভৰি দুখনত আঘাতৰ চিন থকা প্ৰত্য়ক্ষ কৰি পাহাৰৰ পৰা পিছলি পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply