গুৱাহাটী– পথ সুৰক্ষা-জীৱন ৰক্ষা, সুৰক্ষাৰ সৈতে নকৰিব একো ধেমালি নহ’লে জীৱন হ’ব সস্তীয়া’ । ৰাষ্ট্রীয় পথ সুৰক্ষা মাহ, ২০২১ উপলক্ষে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াসেৰে সৰুসজাই খেলপথাৰৰপৰা এক সজাগতামূলক পদযাত্ৰা উলিওৱা হয়। ‘Walkathon’ নামৰ এই সজাগতামূলক পদযাত্ৰাৰ ফ্লেগ অফ্ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ৰাজ্যত দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস কৰাৰ দিশত যান-বাহন আইন সুচাৰুৰূপে মানি চলিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায়।
এই অনুষ্ঠানত মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, যোগেন মহনৰ লগতে কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।