নিউজ ডেস্ক: “ওঁম তৎসৎ ভাৰত মহৎ-এক চেতনাত,এক ধিয়ানত-এক সাধনাত, এক আৱেগত/এক হৈ যা, এক হৈ যা-“
অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ পংক্তিৰে সংসদৰ বাজেট অধিৱেশনত ভাষণ আৰম্ভ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে | ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি গৰাকীয়ে দিল্লীৰ লালকিল্লাত গণৰাজ্য দিৱসৰ দিনা হোৱা হিংসাক নিন্দা কৰে। লগতে কয় যে বিগত ২টা দিনত জাতীয় পতাকাক কৰা অপমান অতি দুৰ্ভাগ্যজনক।
বাজেট অধিবেশনৰ আগমুহুৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যমক কয় যে ‘২০২১ত প্ৰথম খন সদন আৰম্ভ হৈছে । সম্ভৱত ভাৰতৰ ইতিহাসত এয়া প্ৰথম যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে পৃথকৈ অৰ্থনৈতিক পেকেজ হিচাপে ৪-৫ মিনি বাজেট উপস্থাপন কৰাৰ সম্ভাৱনা । ২০২০ চনত একপ্ৰকাৰ মিনি বাজেট আছিল । সেয়েহে এই বাজেটত ৪-৫ মিনি বাজেট দেখা পোৱা যাব ।’
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষনেৰে আৰম্ভ হোৱা বাজেট অধিবেশন কংগ্ৰেছৰ লগতে ১৬ টা বিৰোধী দলে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ৰাষ্ট্ৰপতিৰ ভাষন বৰ্জন কৰে । ইপিনে ক’ভিড প্ৰটকল মানি আৰম্ভ হয় এইবাৰৰ বাজেট অধিবেশন ।
কেন্দ্ৰীয় চৰকাৰে বাজেট (২০২১-২২) ১ ফেব্ৰুৱাৰীত সংসদত উপস্থাপন কৰিব বিত্তমন্ত্ৰীয়ে । ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অৰ্থনৈতিক জৰীপ ২০২১ (অৰ্থনৈতিক জৰীপ ২০২০-২০২১) উপস্থাপন কৰিব। ক’ভিড সৃষ্ট পৰিবেশৰ পিছত বিত্ত মন্ত্ৰীয়ে উপস্থাপন কৰিব লগা অৰ্থনৈতিক জৰীপক লৈও বিশেষ গুৰুত্ব লাভ কৰিছে |