ৰঞ্জন গগৈ Credit: ফাইল ফটো

নিউজ ডেস্ক– ‘‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত যোৱা ৫০ বছৰে অসমত মাথোঁ চলি আছে ৰাজনীতি। কোনো ৰাজনৈতিক দলে নিবিচাৰে NRC। বিষয়টো উত্থাপন কৰি দলসমূহে মাথোঁ ৰাজনৈতিক মুনাফা আদায় কৰাৰ চেষ্টা কৰি আহিছে।’’ -এই মন্তব্য কৰে ৰাজ্যসভাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত সাংসদ ৰঞ্জন গগৈৰ।

এটা সংবাদ গোষ্ঠীৰ দ্বাৰা আয়োজিত আলোচনা চক্ৰত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকে পঞ্জীৰ সন্দৰ্ভত গগৈয়ে আৰু কয়,

‘‘এটা ৰাজনৈতিক দলে অবৈধ অনুপ্ৰৱেশকাৰীক ভোটৰ বিনিময়ত সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ইয়াৰ বিপৰীতে আন এটা দলে প্ৰব্ৰজনকাৰীসকল খিলঞ্জীয়াৰ কাৰণে ভাবুকি স্বৰূপ বুলি কৈ বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আৰু যোৱা ৫০ বছৰে অসমত এই কাৰ্যই চলি আছে।’’

নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত গগৈয়ে কয়, ‘‘এই আইন সংসদত গৃহীত হৈছে আৰু অসমত ইয়াৰ বিৰোধ হৈছে, কাৰণ অসমৰ লোকসকলে এই আইনখনে অস্তিত্বৰ সংকট নমাই আনিব বুলি ভাবিছে।’’ তেওঁ লগতে কয়,মানুহে এই আইনখনক লৈ যিয়েই নাভাৱক কিয়, মাথোঁ উচ্চতম ন্যায়ালয় অথবা সংসদৰ দ্বাৰাহে আইনখন বাতিল কৰিব পৰা যাব।উল্লেখযোগ্য যে  NRCৰ বিষয়টো এতিয়াও সৰ্বোচ্চ ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে আৰু ৰঞ্জন গগৈ দেশৰ মুখ্য ন্যায়াধীশ হৈ থাকোতে NRCৰ গোচৰৰ শুনানি গ্ৰহণ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply